NORTHEAST NOW (Assamese)

১২ মাৰ্চত বিত্ত মন্ত্ৰী হিমন্ত বিশ্বই দাখিল কৰিব ডিজিটেল বাজেট

January 25, 2018 7:38 am · এন ই নাও নিউজ
বিত্ত মন্ত্ৰী শৰ্মা

১২ মাৰ্চত হ’ব লগা অসম বিধানসভাৰ বাজেট অধিবেশনত এই বৰ্ষৰ বাজেট দাখিলৰ বাবে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সম্পুৰ্ণ সাজু হৈ আছে।

এক সুত্ৰৰ পৰা জানিব পৰা অনুসৰি বিত্ত মন্ত্ৰী শৰ্মাই এইবাৰ বিধানসভাত ডিজিটেল বাজেট দাখিল কৰিব।

উল্লেখ্য যে ফেব্ৰুৱাৰি মাহৰ ৬ তাৰিখৰ পৰা আৰম্ভ হ’ব লগীয়া অসম বিধানসভা অধিবেশন এপ্ৰিললৈকে চলিব।

সংবাদ মাধ্যমত প্ৰকাশিত এক বাতৰি মতে, অসমৰ ৰাজ্যপাল অধ্যাপক জগদিশ মুখিয়ে দিছপুৰৰ বিধানসভা সচিবালয়ত অনুষ্ঠিত হ’ব লগীয়া অসম বিধানসভা পৰিষদৰ বাজেট অধিবেশনক ৬ ফেব্ৰুৱাৰি ২০১৮ত পুৱা ৯.৩০ বজাত বৈঠকত মিলিত হ’বলৈ আহ্বান জনাইছে।

 

 

Related News