NORTHEAST NOW (Assamese)
অসম

১৩ জুলাইত মাজুলীত সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব মুখ্য মন্ত্ৰীয়ে

Posted by: মিটু খাটনিয়াৰ July 11, 2018 9:14 pm
PM Modi phones CM Sonowal, takes stock of recent situation in Assam

 

ৰাজ্যৰ উচ্চশিক্ষা ক্ষেত্ৰৰ আন এক সংযোজন প্ৰস্তাৱিত ‘সাংস্কৃতিক বিশ্ববিদ্যালয়, মাজুলী’ৰ অহা ১৩ জুলাইত আনুষ্ঠানিক ভাৱে আধাৰশিলা স্থাপন কৰিব মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

শুকুৰবাৰে দিনৰ ১১ বজাত মাজুলীৰ গড়মূৰৰ মিনি ষ্টেডিয়ামত আয়োজিত এক বিশেষ অনুষ্ঠানত মুখ্য মন্ত্ৰীয়ে সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা ‘জিলা পঞ্চায়ত সমল কেন্দ্ৰ’ আৰু ৰাজ্য চৰকাৰৰ অনিৰ্ধাৰিত পূঁজিৰে নিৰ্মাণ কৰিবলৈ লোৱা আৰক্ষী অতিথিশালা এটাৰো প্ৰতীকী আধাৰশিলা স্থাপন কৰিব।

একেটা অনুষ্ঠানতে মুখ্য মন্ত্ৰীয়ে ‘মুখ্য মন্ত্ৰীৰ সমগ্ৰ গ্ৰাম উন্নয়ন যোজনা’ৰ অধীনত মাজুলী জিলাৰ নিৰ্বাচিত কৃষক গোটসমূহলৈ ৰাজসাহায্যযুক্ত ট্ৰেক্টৰ বিতৰণ প্ৰক্ৰিয়া শুভাৰম্ভ কৰাৰ লগতে জিলাখনৰ সাংবাদিকসকলক জনসংযোগ বিভাগৰ স্বীকৃতিসূচক পৰিচয় পত্ৰ বিতৰণ কৰিব।

দুদিনীয়া চৰকাৰী কাৰ্যসূচীৰে কাইলৈ লখিমপুৰৰ পৰা নিজ সমষ্টি মাজুলীত আহি উপস্থিত হোৱাৰ পিছত মুখ্য মন্ত্ৰীয়ে বিয়লি ৩.৩০ বজাত মাজুলীৰ ফুলনীত এটা নতুন আৰক্ষী চকী শুভাৰম্ভ কৰি উঠি সন্ধিয়া গড়মূৰস্থিত উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত আৰু জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ মূৰব্বীসকলৰ লগত মাজুলীত চলি থকা উন্নয়নমূলক কামকাজৰ পৰ্যালোচনা কৰিব।

এই বৈঠকত মাজুলী জিলাৰ তত্বাৱধায়ক মন্ত্ৰীৰ দায়িত্বত থকা পৰ্যটন আৰু ডব্লিউ পি টি বি চি বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্ময়ো অংশ গ্ৰহণ কৰিব।

নিশাটো মাজুলীৰ আৱৰ্ত ভৱনত বাহৰ পাতি সোণোৱালে শুকুৰবাৰে পুৱা ১০ বজাত উপায়ুক্তৰ সভাকক্ষত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ অধ্যক্ষ ৰাজীৱ যাদৱসহ শীৰ্ষ বিষয়াবৰ্গৰ সৈতে বোৰ্ডে বান-খহনীয়াৰ পৰা মাজুলীক স্থায়ী সুৰক্ষা প্ৰদানৰ বাবে গ্ৰহণ কৰা প্ৰায় ২০৬ কোটি টকীয়া প্ৰকল্পৰ ৰূপায়ণ কাৰ্য সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত মিলিত হ’ব।