NORTHEAST NOW (Assamese)

১৫ ফেব্রুৱাৰিত ২৪ ঘণ্টীয়া ওদালগুৰি জিলা বন্ধ ঘোষণা কৰিছে আক্ৰাছুৱে

February 10, 2018 2:02 pm · চাজিদ খান
Updated: February 10, 2018 5:10 pm

সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছুৱে)ৰ ওদালগুৰি জিলা সমিতিয়ে অহা ১৫ ফেব্ৰুৱাৰিত ২৪ ঘণ্টীয়া ওদালগুৰি জিলা বন্ধৰ আহ্বান দিছে। ছাত্ৰসংগঠনটোৱে এক প্ৰেছ বিবৃতিত এই কথা প্ৰকাশ কৰিছে।

সংগঠনটোৰ সভাপতি, সম্পাদক আৰু সাংগঠনিক সম্পাদক ক্ৰমে আৰণ্য ডেকা, এ শইকীয়া আৰু বি ৰাজবংশীয়ে স্বাক্ষৰ কৰা বিবৃতিটোত অভিযোগ উত্থাপন  কৰিছে যে যোৱা বিটিচিৰ নিৰ্বাচনত শাসকীয় বিপিএফক পূৰ্ণ সমৰ্থন আগবঢ়োৱা সত্ত্বেও বিটিচি কৰ্তৃপক্ষই ওদালগুৰিত জনগোষ্ঠীটোৰ বাবে এটা ছাত্ৰাৱাস নিৰ্মাণৰ প্ৰতিশ্ৰুতি পূৰণ নকৰিলে।

বিটিচি কৰ্তৃপক্ষই ইচ্ছাকৃতভাৱে ছাত্ৰাৱাসটো ওদালগুৰি নগৰৰ বাহিৰত নিৰ্মাণৰ নিৰ্দেশ দিয়া বুলি ছাত্ৰ সংগঠনটোৱে অভিযোগ কৰে।

আক্ৰাছুৰ ওদালগুৰি জিলা সমিতিয়ে শুকুৰবাৰে ওদালগুৰিত ততাতয়াকৈ এখন সংবাদ মেল অনুষ্ঠিত কৰে আৰু অঞ্চলটোত বিটিচি প্ৰশাসনৰ বৰ্তমান ভূমিকাক সমালোচনা কৰে।

তেওঁলোকে কয় যে অহা দিনবোৰত হাগ্ৰামা নেতৃত্বাধীন বিপিএফ দলক যোগ্য প্ৰত্যুত্তৰ দিয়া হ’ব।

বিটিচি প্ৰশাসনে ইয়াৰ অঞ্চলসমূহত অনা বড়ো লোকসকলৰ বিকাশৰ বাবে দৃষ্টি নিদিয়াৰ অভিযোগ দীৰ্ঘদিন ধৰি উত্থাপিত হৈ আহিছে।

কোকৰাঝাৰ জিলাৰ অন্তৰ্গত অনা বড়োসকলৰ আৰ্থ-সামজিক বিকাশৰ দিশত বিটিচি প্ৰশাসনৰ উদাসীনতাৰ বিষয়টো বিগত সময়ত আন্দোলনৰ ৰূপ লোৱাও দেখা গৈছিল।

আনহাতে, ওদালগুৰি জিলাত বিটিচি প্ৰশাসনৰ লগত আন জনগোষ্ঠীৰ সংঘাতৰ উদাহৰণ কম যদিও দীৰ্ঘদিন ধৰি বঞ্চনাৰ অভিযোগ নতুন নহয়।

শেহতীয়াকৈ আক্ৰাছুৱে জিলাখনত সক্ৰিয় ৰূপত ওলাই অহাটোৱে নতুন তাৎপৰ্য বহন কৰিছে।

 

Related News