১৬ ফেব্ৰুৱাৰিৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা : পৰীক্ষাৰ্থীৰ বাবে ক’লা চিয়াহীৰ ব্যৱহাৰ বাধ্যতামূলক
অহা ১৬ ফেব্ৰুৱাৰিৰ পৰা ২০১৮ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাবোৰ আৰম্ভ হ’ব। ছেবাৰ অধীনত অনুষ্ঠিত হোৱা এই পৰীক্ষাত ছেবাই কেতবোৰ নতুন নিয়ম-প্ৰণালী প্ৰৱৰ্তন কৰিছে। তাৰ ভিতৰত পৰীক্ষাৰ্থীয়ে ক’লা ৰঙৰ বল পেইন ব্যৱহাৰ কৰাটো বাধ্যতামূলক অন্যতম। নীলা চিয়াহীৰ বল পেইন ব্যৱহাৰত এইবাৰ অনুমতি দিয়া নহয় বুলি ছেবাৰ সূত্ৰই ইতিপূৰ্বে সকলো পক্ষকে জনাই দিছে।
ইয়াৰ উপৰি পৰীক্ষাগৃহবোৰত চি চি টি ভিৰ কেমেৰা স্থাপন কৰা হ’ব বুলিও সূত্ৰটোৱে জানিবলৈ দিছে। ইয়াৰ লগতে পৰীক্ষাগৃহত এল ই ডি বাল্ব লগোৱা হ’ব। আনহাতে নিৰীক্ষকসকলক পৰীক্ষাৰ সময়ছোৱাত ম’বাইল ফ’ন লৈ থাকিবলৈ দিয়া নহ’ব বুলিও জনা গৈছে।
চৰকাৰী সূত্ৰটোৱে জনোৱামতে পৰীক্ষা বিসংগতিহীনভাৱে তথা সুকলমে অনুষ্ঠিত কৰিবলৈকে এইবাৰ এই ধৰণৰ কিছুমান নতুন পদক্ষেপ লোৱা হৈছে। আনকি বিভিন্ন জৰুৰীকালীন সেৱাত প্ৰয়োজন হ’ব পৰাকৈ ফ্লায়িং স্কোৱাডো সাজু ৰখা হ’ব।
আনহাতে পৰীক্ষাৰ প্ৰশ্নকাকত কঢ়িওৱা গাড়ীৰ অৱস্থান গম পাই থাকিব পৰাকৈ গাড়ীত জি পি এছ পদ্ধতি সংযোজন কৰা হৈছে বুলিও জানিব পৰা গৈছে।
উল্লেখযোগ্য যে এইবাৰ প্ৰায় ৪ লাখ শিক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা দিব। ৰাজ্যখনৰ মুঠ ৮৫২টা পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ’ব। ইয়াৰে ২৭ টা কেন্দ্ৰ স্পৰ্শকাতৰ বুলি চিহ্নিত কৰা হৈছে।
পৰীক্ষাৰ প্ৰশ্নকাকত সম্পৰ্কে ছেবাৰ কৰ্তৃপক্ষই জনোৱা মতে কঠিনতাৰ দিশৰ পৰা প্ৰশ্নকাকত তিনিটা ধৰণৰ হ’ব। ৩০ শতাংশ সহজ, ৫০ শতাংশ মধ্যমীয়া আৰু ২০ শতাংশ কঠিন ধৰণৰ প্ৰশ্ন থাকিব প্ৰশ্নকাকতত।
ওদালগুৰিৰ বাতৰি
আনহাতে ওদালগুৰিৰ পৰা পোৱা বাতৰি মতে জিলাখনৰ জিলা দণ্ডাধীশ ডি কে দাসে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি অহা ১৬ ফেব্ৰুৱাৰিৰৰ পৰা ২৩ মাৰ্চলৈ জিলাখনত মাইক্ৰ’ফ’ন আৰু লাউডস্পীকাৰৰ ব্যৱহাৰ সম্পূৰ্ণ নিষিদ্ধ কৰিছে। জিলা দণ্ডাধীশজনৰ এই পদক্ষেপক সচেতন ৰাইজে প্ৰশংসা কৰিছে।