NORTHEAST NOW (Assamese)
অসম

১৬ লাখ জ্যেষ্ঠ নাগৰিকলৈ পেন্সন ঘোষণা মুখ্য মন্ত্ৰীৰ; লাভ কৰিব মাহে মাত্ৰ ২৫০ টকাকৈ

Posted by: এন ই নাও নিউজ May 21, 2018 8:55 pm
মুখ্য মন্ত্ৰী

ৰাজ্যখনৰ ১৬ লাখ জ্যেষ্ঠ নাগৰিকে শীঘ্ৰে লাভ কৰিব পেন্সন। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰ্যালোচনা সভাত এই কথা ঘোষণা কৰি জ্যেষ্ঠ নাগৰিকলৈ প্ৰদান কৰিবলগীয়া এই পেন্সন প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে প্ৰতিমাহে মাত্ৰ ২৫০ টকাকৈ লাভ কৰিবলগীয়া এই পেন্সন আঁচনিৰ অধীনত এপিএল আৰু বিপিএল দুয়োশ্ৰেণীৰ ৬০ বছৰ ঊৰ্ধ্বৰ সকলো জ্যেষ্ঠ নাগৰিককে সামৰি লোৱা হ’ব বুলি জানিব পৰা গৈছে। লগতে অনলাইন পদ্ধতিৰে হিতাধিকাৰী সকলক পেন্সন প্ৰদান কৰাৰ উপৰি প্ৰতি ৬ মাহৰ মূৰে মূৰে নতুনকৈ নাম অন্তৰ্ভুক্তিৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

তাৰোপৰি প্ৰাপ্ত তথ্য মতে পেন্সন লাভ কৰিবলগীয়া জ্যেষ্ঠ নাগৰিকৰ তালিকা যাতে নিখুঁট হয় সেই উদ্দেশ্যে আবেদনকাৰীৰ নাম সম্বলিত তালিকাৰ প্ৰাৰম্ভিক কপি গাঁও পঞ্চায়ত কাৰ্যালয়ত আঁৰি দিয়াৰ লগতে গাঁও সভাতো আলোচনা কৰা হ’ব।

আজিৰ পৰ্যালোচনা সভাতে মুখ্য মন্ত্ৰী সোণোৱালে কনকলতা মহিলা সবলীকৰণ যোজনাখনৰ ৰূপায়ণৰ অগ্ৰগতিৰ বিষয়েও বিভাগীয় বিষয়াসকলৰ সৈতে আলোচনা কৰে।

পৰ্যালোচনা সভাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী নৱ কুমাৰ দলে, মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানু, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত জে বি এক্কাকে ধৰি উচ্চপদস্থ বিষয়া সকল উপস্থিত থাকে।