NORTHEAST NOW (Assamese)

১৮ ফেব্রুৱাৰিৰ পৰা আৰম্ভ হ’ব দৈনিক তেজপুৰ-নতুন দিল্লী বিমানসেৱা

February 16, 2018 12:53 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

অসমৰ উত্তৰপাৰৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰি প্ৰায় ১৫ বছৰৰ মূৰত দেওবাৰ অৰ্থাৎ ১৮ ফেব্রুৱাৰিৰ পৰা পুনৰ আৰম্ভ হ’ব দৈনিক তেজপুৰ-নতুন দিল্লী বিমানসেৱা।

জানিব পৰা মতে প্ৰথমখন কলকাতা-জব্বলপুৰ-দিল্লী অভিমুখী যাত্ৰীবাহী বিমানখনে তেজপুৰ বিমানবন্দৰৰ পৰা ১৮ ফেব্ৰুৱাৰিৰ দিনৰ ১.৪০ বজাত যাত্ৰা আৰম্ভ কৰিব।

উল্লেখ্য যে এই বিমানসেৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কলকাতা বিমানবন্দৰত আনুষ্ঠানিকভাৱে মুকলি কৰাৰ সম্ভাৱনা আছে। উক্ত বিমানখনে তেজপুৰৰ শালনিবাৰী বিমানবন্দৰত দিনৰ ১.২০ বজাত অৱতৰণ কৰাৰ পাছত পুনৰ একেখন বিমানে ১.৪০ বজাত কলকাতা জব্বলপুৰ হৈ দিল্লীলৈ ৰাওনা হ’ব।

এই বিমানসেৱা জুম জেট এয়াৰৱেজে আৰম্ভ কৰিব বুলি প্ৰকাশ কৰিছে একাংশ সূত্ৰই। বিমান সংস্থাটোৱে দিল্লীৰ পৰা তেজপুৰলৈ পুৱা ৯ বজাত দৈনিক সেৱা আগবঢ়াব।

উল্লখ্যে যে এই বিমানসেৱা আৰম্ভৰ লগে লগে কেৱল উত্তৰপাৰৰ ৰাইজৰে নহয়, বৰং সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলবাসীৰে সুবিধা হ’ব বুলি আশা কৰা হৈছে।

স্মৰ্তব্য যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত অৰ্থাৎ ১৯৪২ চনত তেজপুৰৰ শালনিবাৰী বিমান বন্দৰক ব্ৰিটিছ ৰয়েল ইণ্ডিয়ান আৰ্মিয়ে প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল।

তাৰ পাছত কেইবছৰমান বিমান বন্দৰটো কাৰ্যক্ষম হৈ থকাৰ পাছত বিগত প্ৰায় ১৫ বছৰ বিভিন্ন কাৰণবশত যাত্ৰাবাহী বিমানসেৱা বন্ধ হৈ আছিল।

 

Related News