NORTHEAST NOW (Assamese)

১ ছেপ্টেম্বৰৰ পৰা ভূটান হৈ গুৱাহাটী-ছিংগাপুৰৰ মাজত চলিব বিমান সেৱা

August 9, 2018 11:49 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

অহা ১ ছেপ্তেম্বৰৰ পৰা ভূটানৰ দ্ৰুক এয়াৰ লাইনছে আৰম্ভ কৰিব গুৱাহাটী হৈ ছিংগাপুৰলৈ বিমান সেৱা। বুধবাৰে এই কথা জানিবলৈ দিয়ে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

মাছখোৱা প্ৰাগজ্যোতি আই টি এ চেণ্টাৰত আয়োজিত এক অনুষ্ঠানত অংশ লৈ সোণোৱালে কয় যে ভূটানৰ লগত হোৱা দ্বিপাক্ষিক আলোচনা মৰ্মে আৰম্ভ হ’বলগীয়া এই বিমান সেৱাই অসমৰ অৰ্থনৈতিক বিকাশৰ বাট মুকলি কৰিব।

উল্লেখ্য যে কালি মাছখোৱা প্ৰাগজ্যোতি আই টি এ চেণ্টাৰত আয়োজিত এক অনুষ্ঠানত ৰাজ্যখনৰ চাহ জনজাতি আৰু প্ৰাক্তন চাহ শ্ৰমিকসকলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক অমিয় কুমাৰ দাস মেধা বঁটা প্ৰদান কৰি মুখ্য মন্ত্ৰী সোণোৱালে এই বিমান সেৱা আৰম্ভ কৰাৰ কথা উল্লেখ কৰে।

এই অনুষ্ঠানত মুখ্য মন্ত্ৰীয়ে ৰাজ্যখনৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ ক্ষিপ্ৰ উন্নয়নৰ প্ৰতি বৰ্তমানৰ ৰাজ্য চৰকাৰখন প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰে।

ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি মুখ্য মন্ত্ৰীয়ে কয় যে অসমৰ সম্পদ আৰু সম্ভাৱনীয়তা সমূহৰ উপযুক্ত ব্যৱহাৰৰ জৰিয়তে দক্ষিণ-পূব এছিয়াৰ ব্যৱসায় আৰু বাণিজ্যৰ প্ৰধান ক্ষেত্ৰ হিচাপে ৰাজ্যখনক গঢ় দিয়াৰ বাবে আমি সকলোৱে আত্মনিয়োগ কৰিব লাগিব। ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাটোৱে দিয়া সুবিধা সমূহ আহৰণ কৰি নিজকে সবলীকৰণ কৰাৰ জৰিয়তে ৰাজ্যখনক অধিক বিকশাই তুলিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়।

আনহাতে শ্ৰম আৰু নিয়োগ বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী পল্লৱলোচন দাসেও অনুষ্ঠানটোত উপস্থিত থাকি চাহ জনগোষ্ঠীৰ লোকসকলৰ সৰ্বাংগীণ বিকাশৰ বাবে লোৱা বিভিন্ন আঁচনি সম্পৰ্কত আলোকপাত কৰে।

মন্ত্ৰীগৰাকীয়ে লগতে চাহ বাগিচা এলেকাৰ ৫০গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক কেন্দ্ৰীয় অসামৰিক পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰাকৈ কোচিং প্ৰদান কৰিব বুলিও কয়। তাৰোপৰি চিকিৎসা আৰু অভিযান্ত্ৰিক বাছনী পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰাকৈও অনুৰূপ ধৰণৰ কোচিং ব্যৱস্থা প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে উক্ত অনুষ্ঠানতে মন্ত্ৰী পল্লৱলোচনে শিক্ষা ক্ষেত্ৰত পৰিৱৰ্তন অনাৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰি কয় যে চাহ বাগিচা এলেকাত দশম শ্ৰেণীলৈকে সামৰি ১০০ খন নতুন হাইস্কুল স্থাপন কৰা হ’ব।

Related News