NORTHEAST NOW (Assamese)

১ ফেব্ৰুৱাৰীৰ  পৰা জোনাইত মিচিং বানে কেবাং অধিৱেশন

January 30, 2018 2:46 pm · এন ই নাও নিউজ

অহা ১ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে ধেমাজি জিলাৰ জোনাই মহকুমাৰ জোনকাৰেঙত অনুষ্ঠিত  মিচিং বানে কেবাঙৰ ৩৬ সংখ্যক সাধাৰণ অধিৱেশনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। মিচিং বানে কেবাঙৰ অধিৱেশনখন সফল কৰি তুলিবলৈ অভ্যৰ্থনা সমিতিৰ মূল কমিটীৰ লগতে বিভিন্ন উপসমিতিসমূহে পূৰ্ণগতিত কাম কৰি আছে।

মিচিং বানে কেবাঙৰ ৩৬ সংখ্যক সাধাৰণ অধিৱেশনৰ ঘোষিত কাৰ্যসূচীমতে ফেব্ৰুৱাৰীত বি কেৰ উপসভাপতি টনি পেৰতিনৰ দ্বাৰা অধিৱেশনথলী আবুতানি লত্তাউন্মোচনেৰে অধিৱেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা ব।  ইয়াৰ পিছত জিতেন্দ্ৰ কুমাৰ দলেৰ দ্বাৰা ডিম্বেশ্বৰ দলে সোঁৱৰণী খাদ্য মেলা, জন্মেশ্বৰ মেদকৰ দ্বাৰা মাঘৰ পেগু সোঁৱৰণী ভোজনালয়, অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজু  মেদকৰ দ্বাৰা নন্দলাল নৰহ  সোঁৱৰণী প্ৰতিনিধি শিবিৰ, প্ৰতাপ চন্দ্ৰ পাৱৰ দ্বাৰা লিৰাম মেদক সোঁৱৰণী মুকলি সভাঘৰ আৰু মিচিং আগম কেবাঙৰ প্ৰাক্তন সভাপতি ডাঃ ঘনকান্ত লাগাছুৰ দ্বাৰা সোণাৰাম টায়ে  সোঁৱৰণী মঞ্চ উদ্বোধন কৰা ব।

ইপিনে সন্ধিয়া মিচিং বানে কেবাঙৰ প্ৰতিনিধি সভা উদ্বোধন কৰিব কেবাঙৰ প্ৰাক্তন সচিব প্ৰভাত মিলিয়ে।   ফেব্ৰুৱাৰীত মিচিং বানে কেবাঙৰ সভাপতি পৰমানন্দ চায়েঙীয়াই পতাকা উত্তোলন কৰাৰ পিছত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত ব।  সন্ধিয়া মাধৱ পেগু সোঁৱৰণী সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব মিচিং দৃৰবৃ  কেবাঙৰ উপদেষ্টা একলব্য গামে।   ফেব্ৰুৱাৰীত এখন আলোচনাচক্ৰ অনুষ্ঠিত ব।

সন্ধিয়া পৰম্পৰাগত সাজপাৰ প্ৰদৰ্শন আৰু ঐৰাম বৰি সোঁৱৰণী সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত ব।    ফেব্ৰুৱাৰীত অনুষ্ঠিত বলগা মুকলি সভাত অৰণ্য মানৱখ্যাত পদ্মশ্ৰী বটাঁ প্ৰাপক যাদৱ পায়েঙে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।  উল্লেখ্য যে অধিৱেশন উপলক্ষে একেলগে বিশ হাজাৰ মানুহ বহিব পৰা মূল মণ্ডপৰ লগতে এহেজাৰ প্ৰতিনিধি বহিব পৰা প্ৰতিনিধি শিবিৰ নিৰ্মাণ কৰা হৈছে।  আনহাতে, ১৪০ খন পৰম্পৰাগত খাদ্য মেলাৰ বিপণী,  হস্ততাঁত আৰু বস্ত্ৰ মেলাৰ ৫০খন বিপণী নিৰ্মাণ কৰাৰ লগতে একেলগে সাতশ মানুহে খাব পৰা ভোজনালয় নিৰ্মাণ কৰা হৈছে।  

মিচিং বানে কেবাঙৰ ৩৬ সংখ্যক সাধাৰণ অধিৱেশনখন সফল কৰি তোলাৰ বাবে ৰাইজৰ সহায়সহযোগিতা কামনা কৰিছে অভ্যৰ্থনা সমিতিয়ে।      

Related News