NORTHEAST NOW (Assamese)
অসম

২০০৬ৰ পৰা ২০১৮ৰ ভিতৰত অসমত ধৰ্ষণ, যৌতুক, ডাইনীৰ নামত ১,৭০০ মহিলাক হত্যা

Posted by: এন ই নাও নিউজ April 4, 2018 7:31 pm
Crimes-Against-Women-680x365

২০০৬ চনৰ মাৰ্চৰ পৰা চলিত বছৰৰ ২৩ মাৰ্চলৈকে অসমত ধৰ্ষণ, যৌতুক আৰু ডাইনীৰ নামত মুঠতে ১,৭৭৩ গৰাকী মহিলাক হত্যা কৰা হৈছে। মঙলবাৰে বিধানসভাত এই তথ্য প্ৰকাশ কৰিছে অসম চৰকাৰে।

সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ এক প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ সদনত এই তথ্য দাঙি ধৰে।

মন্ত্ৰী পাটোৱাৰীয়ে সদনত জনোৱা মতে ৰাজ্যখনত উক্ত সময়ছোৱাৰ ভিতৰত ধৰ্ষণৰ ঘটনাত ৮৭ গৰাকী মহিলা, যৌতুক সংক্ৰান্তীয় ঘটনাত ১,৬০৬ গৰাকী মহিলা আৰু ডাইনীৰ নামত আন ৮০ গৰাকী মহিলাক হত্যা কৰা হৈছে।

তেওঁ কয় যে অসম চৰকাৰে ‘১৮১-সখী’ নামেৰে মহিলাসকলৰ বাবে এটি হেল্পলাইন নম্বৰ মুকলি কৰিছে।

ৰাজ্যখনৰ সকলো জিলাৰ আৰক্ষী অধীক্ষকসকলক মহিলাৰ বিৰুদ্ধে সংঘটিত সকলোধৰণৰ অপৰাধৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে আৰু শুদ্ধভাৱে অভিযোগনামা দাখিল কৰাৰ বাবে নিৰ্দেশ দিছে।

অসম চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত মহিলাৰ বিৰুদ্ধে অপৰাধৰ ঘটনাসমূহ দ্ৰুত বিচাৰ প্ৰক্ৰিয়াৰ জৰিয়তে সম্পন্ন কৰাৰ বাবে ফাৰ্ষ্ট ট্ৰেক আদালত স্থাপনৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই ন্যায়লয়খনে অলপতে প্ৰতিখন জিলাতে ফাৰ্ষ্ট ট্ৰেক আদালত গঠনৰ ব্যৱস্থা গ্ৰহণ কৰিছে।