NORTHEAST NOW (Assamese)
অসম

অসমৰ মহাধিবক্তাৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ তুলি দেশৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 21, 2024 2:35 pm

অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সাংবিধানিক নীতি-নিয়ম আৰু বিশেষাধিকাৰ উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি ৰাজ্যখনৰ মহাধিবক্তা দেৱজিৎ লন শইকীয়াৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে।

বিৰোধী দলপতি শইকীয়াই ভাৰতৰ মুখ্য ন্যায়াধীশলৈ লিখা এখন পত্ৰত কয় যে মহাধিবক্তাই ভাৰতত ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ ভাৰপ্ৰাপ্ত সচিব আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ সঞ্চালক মণ্ডলীৰ সদস্য পদ গ্ৰহণ কৰি নীতি-নিয়ম উলংঘা কৰিছে।

অভিযোগ পত্ৰত উল্লেখ কৰা অনুসৰি, শইকীয়াৰ নতুন ভূমিকা অসমৰ মহাধিবক্তা হিচাপে তেওঁৰ পদৰ সৈতে সংঘাতত পৰিছে, কিয়নো ইয়াৰ লগত এটা বিদেশী সংস্থা (আই চি চি) আৰু এটা বেচৰকাৰী সংস্থা (বি চি চি আই)ৰ পৰা লাভজনক আৰু আৰ্থিক সুবিধা জড়িত হৈ আছে। এয়া, “অফিচ অৱ প্ৰফিট”ৰ নীতি উলংঘা কৰা বুলি দাবী কৰে দেবব্ৰত শইকীয়াই।

বিৰোধী দলপতিগৰাকীয়ে ভাৰতীয় বাৰ কাউন্সিলৰ নিয়মৰ ৪৮ নং নিয়মৰ উল্লেখ কৰে, য’ত কোৱা হৈছে যে এজন অধিবক্তাই কোম্পানীত কাৰ্যবাহী পদত অধিষ্ঠিত হ’ব নোৱাৰে। বিচিচিআইৰ সচিব (ভাৰপ্ৰাপ্ত)ৰ ভূমিকা গ্ৰহণ কৰি দেৱজিৎ লন শইকীয়াই এই নিয়ম উলংঘা কৰা বুলি অভিযোগ উত্থাপন কৰিছে।

দেবব্ৰত শইকীয়াৰ পত্ৰত আৰু উল্লেখ কৰা হৈছে যে দেৱজিৎ লন শইকীয়াই ইয়াৰ পূৰ্বে ২০১৮ চনত অসমৰ জ্যেষ্ঠ অতিৰিক্ত মহাধিবক্তা পদৰ পৰা পদত্যাগ কৰি অসম ক্ৰিকেট সন্থাৰ সম্পাদক পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল।

কিন্তু এইবাৰ চৰকাৰী পদত অধিষ্ঠিত হোৱাৰ পিছতো নিয়ম অৱজ্ঞা কৰি শইকীয়াই নতুন ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

এই অভিযোগ ভাৰতৰ মুখ্য ন্যায়াধীশ, অসমৰ ৰাজ্যপাল, অসমৰ মুখ্যমন্ত্রী, অসমৰ মুখ্য সচিব, ভাৰতৰ বাৰ কাউন্সিলক সম্বোধন কৰা হৈছে৷