NORTHEAST NOW (Assamese)
অসম

২০০ চিকিৎসা কৰ্মীৰ গীত-নৃত্য আৰু শ্ল’গানেৰে মঙলদৈত সাংস্কৃতিক শোভাযাত্ৰা

Posted by: ময়ূখ গোস্বামী February 3, 2018 11:32 pm
Assam Medical Service Association Cultural-Rally

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ২০০ চিকিৎসা কৰ্মীৰ গীত-নৃত্য আৰু শ্ল’গানেৰে আজি মঙলদৈ চহৰৰ আকাশ-বতাহ মুখৰিত হৈ পৰে।

অসম চিকিৎসা সেৱা সন্থা, চমুকৈ আমছাৰ ৪৪সংখ্যক অধিৱেশন উপলক্ষে চহৰখনত উলিওৱা বৰ্ণাঢ্য শোভাযাত্ৰাই মঙলদৈবাসীক বাৰুকৈয়ে আকৃষ্ট কৰে।

অধিৱেশনৰ আজি দ্বিতীয় দিনা অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰা বিশেষকৈ দৰঙৰ কৃষ্টিক সামৰি উলিওৱা শোভাযাত্ৰাত অংশগ্ৰহণকাৰীসকলে হাতে হাতে প্লে-কাৰ্ড লৈ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে।

‘কন্যা শিশুৰ সুৰক্ষা’, ‘সৰু পৰিয়াল সুখী পৰিয়াল’ প্ৰভৃতি বিষয়ৰ বাৰ্তা জনসাধাৰণৰ মাজত বিলোৱা হয়।

মঙলদৈৰ মেটাৰনিটী এণ্ড চাইল্ড হেলথ হাস্পতালৰ নতুন চৌহদৰ পৰা উলিওৱা সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্বোধন কৰে মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে।

তিনিদিনীয়া অধিৱেশনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুযায়ী আমছাৰ পতাকা উদ্বোধন কৰে সন্থাৰ সভাপতি ডাঃ দিলীপ দেৱ শৰ্মাই আৰু স্মৃতি তৰ্পণ মুকলি কৰে সচিব ডাঃ কনক চন্দ্ৰ তালুকদাৰে।

দেওবাৰে মঙলদৈৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব লগীয়া সামৰণি অনুষ্ঠানৰ মুকলি বৈঠকত মুখ্য অতিথিৰুপে উপস্থিত থাকিব ৰাজ্যৰ স্বাস্থ্য-শিক্ষা বিভাগৰ মন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মা।

আনহাতে শুকুৰবাৰে প্ৰতিনিধি শিবিৰৰ মুকলি কৰিছিল দৰং জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকে