NORTHEAST NOW (Assamese)
অসম

চিৰি বগাবলৈ ভয়! আঁঠুৰ বিষৰ একমাত্ৰ ঔষধ কি জানেনে? এই ঘৰুৱা উপচাৰতে হৰিব বিষ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 28, 2024 5:24 pm
চিৰি বগাবলৈ ভয়! আঁঠুৰ বিষৰ একমাত্ৰ ঔষধ কি জানেনে? এই ঘৰুৱা উপচাৰতে হৰিব বিষ

আঁঠুৰ বিষৰ সৈতে যুঁজি আছে নেকি? যন্ত্ৰণাক দূৰ কৰিবলৈ কোনো উপায় বিচাৰি পোৱা নাই! জানো আহক এই সমস্যাৰ পৰা কিছু সকাহ দিব পৰা কেইটামান ভাল টিপছ…

*আঁঠুৰ বিষৰ পৰা উপশম পাবলৈ কোল্ড কম্প্ৰেছ ব্যৱহাৰ কৰিব পাৰি। ঠাণ্ডা সেক দিলে বিষ কম হয়, গৰম সেক দিলে বিষ বৃদ্ধি হ’ব পাৰে। গতিকে আঁঠুৰ বিষৰ বাবে গৰম সেক ভাল নহয়।

*ইয়াৰ বাহিৰেও দুগ্ধজাত খাদ্য বেছিকৈ খাব লাগে। গাখীৰত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে। গতিকে হাড় মজবুত কৰি ৰাখিবলৈ দুগ্ধজাত খাদ্য বেছিকৈ খাব লাগে।

*ৰাতিপুৱাৰ ৰ’দত ভিটামিন ডি থাকে। গতিকে যদি আপুনি ৰাতিপুৱাৰ কিছু ৰ’দ ল’ব পাৰে ভাল। ই হাড়বোৰ অতি মজবুত কৰি তোলে।

*আঁঠুৰ বিষৰ বাবে ইউকেলিটাছ তেল অতি উপকাৰী। বিষ নিৰাময়ত এই তেল অতি ফলপ্ৰসূ।

*ব্যায়ামে আঁঠুৰ বিষত যথেষ্ট সকাহ দিয়ে। ব্যায়াম কৰিলে আঁঠুৰ বিষৰ পৰা উপশম পাব পাৰি। গতিকে লঘু ব্যায়াম কৰা প্ৰয়োজন।

*তদুপৰি আঁঠুৰ বিষৰ অন্যতম কাৰণ হ’ল ওজন বৃদ্ধি। গতিকে ভৰি বা আঁঠুৰ বিষ হ’লে প্ৰথমে ওজন কমাবলৈ চেষ্টা কৰক।

*প্ৰচুৰ পৰিমাণে পানী খাব লাগে। শৰীৰত ডিহাইড্ৰেশ্যন বা পানীৰ অভাৱত বিষৰ সমস্যা বৃদ্ধি পায়। গতিকে প্ৰচুৰ পৰিমাণে পানী খাবই লাগিব।