NORTHEAST NOW (Assamese)

২০১৮ ৰ মানস সৰোবৰ যাত্ৰাৰ বাবে ছিকিমৰ নাথু লা পাছ মুকলি

March 5, 2018 1:28 pm · এন ই নাও নিউজ

ছিকিমৰ নাথু লা পাছৰ মাজেৰে এইবছৰৰ মানস সৰোবৰ যাত্ৰাৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে।

তীৰ্থযাত্ৰীসকলে নাথু লা পাছ হৈ যাত্ৰা কৰিব পাৰে। ডোকলামত ভাৰত-চীনৰ সমাৰিক বাহিনীৰ সেনা সন্তুলনৰ কাৰনে যোৱা বছৰ নাথু লা পাছ বন্ধ আছিল। পঞ্জীয়নৰ অন্তিম দিন অহা ২৩ মাৰ্চ।

অহা জুন মাহৰ ২৮ তাৰিখৰ পৰা চাৰিমহীয়া যাত্ৰাৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়াৰ কথা ঘোষণা কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে এই যাত্ৰাৰ বাবে দুটা পথ আছে।

‘’উত্তৰাখণ্ডৰ লাইপুলেখ পাছৰ মাজেৰে যোৱা পথটোত কিছু পাহাৰ বগাব লগা হয় আৰু ইয়াৰ বাবে প্ৰতিজন ব্যক্তিৰ বাবদ ১.৬ লাখ টকা ব্যয় হয়। ছিকিমৰ নাথু লা পাছৰ মাজেৰে যোৱা পথটো বাহনত যাব পাৰি আৰু পাহাৰ বগাব নোৱাৰা জ্যেষ্ঠ নাগৰিকসকলৰ বাবে উপযোগী,’’-মন্ত্ৰালয়ে জনায়।

নাথু লা পথটোৰে প্ৰতিগৰাকী ব্যক্তিৰ বাবদ দিল্লীত প্ৰস্তুতিমূলক কামৰ বাবে ৩ দিনকে ধৰি মুঠ  ২১ দিনত ২ লাখকৈ টকা খৰচ হ’ব।

মন্ত্ৰালয়ে জনাইছে যে আবেদনৰ বাবে ব্যক্তিৰ যোগ্যতা নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত আৱেদন কাৰী ২০১৮ চনৰ ১ জানুৱাৰীত ন্যুনতম ১৮ বছৰ আৰু ৭০ বছৰৰ অধিক হ’ব নালাগিব। নাথু লা পাছৰ মাজেৰে যোৱা তীৰ্থযাত্ৰীসকলক ১০ টা গোটত ভাগ কৰা হ’ব আৰু প্ৰতিটোতে ৫০ গৰাকী তীৰ্থযাত্ৰী থাকিব।

গেংটকৰ পৰা নাথু লা পথটো হেংগু হ্ৰদ আৰু তিব্বতীয় অঞ্চলৰ বিশাল প্ৰাকৃতিক শোভাৰ মাজেৰে আগবাঢ়িছে।

বিগত বৰ্ষৰ দৰেই প্ৰথমবাৰৰ বাবে আৱেদনকাৰী, চিকিৎসক আৰু বিবাহিত দম্পতিয়ে অগ্ৰাধিকাৰ লাভ কৰিব। মন্ত্ৰালয়ে লগতে কয় যে জ্যেষ্ঠ নাগৰিকসকলে নাথু লা পথটোৰে যাব বিচাৰিছে অগ্ৰাধিকাৰ পাব।

বৈদেশিক মন্ত্ৰালয়ে কৈছে যে নিৰ্বাচন পদ্ধিতটো কম্পিউটাৰৰ দ্বাৰা, নিৰ্দিষ্ট ৰূপত আৰু লিংগ সন্তুলন ৰক্ষা কৰি কৰা হ’ব। নিৰ্বাচিত আবেদনকাৰীসকলক স্বয়ংক্ৰিয় ই-মেইল বা এছএমএছ যোগে বাৰ্তা প্ৰেৰণ কৰা হ’ব।

 

Related News