NORTHEAST NOW (Assamese)
অসম

২০ৰ পৰা ২৩ ডিচেম্বৰলৈ বন্ধ থাকিব অসমৰ সকলো গ্ৰন্থবিপণি

Posted by: এন ই নাও নিউজ December 20, 2017 10:57 am

সদৌ অসম প্ৰকাশক আৰু গ্ৰন্থ বিক্ৰেতা সংস্থাই আজিৰে পৰা চাৰি দিনলৈ অসমৰ সকলো কিতাপৰে দোকান বন্ধ ৰাখিবলৈ আহ্বান জনায়। ৰাজ্য চৰকাৰে চৰকাৰী বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ পাঠ্য-পুথি যোগান ধৰাৰ যি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে তাৰ বিৰোধিতা কৰিয়েই ২৩ ডিচেম্বৰলৈ দোকান সমূহ বন্ধ ৰাখিব। বিনামূলীয়া পাঠ্য-পুথি বিতৰণৰ ফলত কিতাপৰ ব্যৱসায়ী সকল লোকচানৰ সন্মুখীন হোৱাৰ উপৰি বহুতো কৰ্মৰত লৰা-ছোৱালীয়ে চাকৰি হেৰুৱাব লাগিব বুলি পৰিষদে জনায়। সেয়েহে ৰাজ্য চৰকাৰক বিষয়টোৰ ওপৰত পুনৰ বিবেচনা তথা কোনো বিকল্প ব্যৱস্থা গ্ৰহণৰ দাবী তোলে।

এই সম্পৰ্কত সংস্থাটোৰ সা:সম্পাদক ধীৰাজ গোস্বামীয়ে কয়- যদি আমি প্ৰকাশক গোষ্ঠীয়ে বিনামূলীয়াকৈ কিতাপ বিক্ৰী কৰিব ধৰো তেতিয়া হ’লে আমি সাংঘাটিক ভাবে লোকচানৰ সন্মুখীন হ’ম। এই সম্পৰ্কে ইতিমধ্যে মুখ্য মন্ত্ৰীক অৱগত কৰোৱা হৈছে যদিও তেওঁৰ ফালৰ পৰা এতিয়ালৈ কোনো সহাঁৰি আমি লাভ কৰা নাই। লগতে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো এই বিষয়টো সন্দৰ্ভত জনোৱা হৈছে।

ইমানবাৰ অনুৰোধ কৰাৰ পিছতো ৰাজ্য চৰকাৰে বিষয়টো সন্দৰ্ভত সদিচ্ছা প্ৰকাশ নকৰাৰ ফলতেই আমি এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছো। আৰু গুৱাহাটী গ্ৰন্থমেলাত অসমৰ কোনো কিতাপ বিক্ৰেতা আৰু প্ৰকাশকে অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লোৱা বুলি সম্পাদক গৰাকীয়ে জানিবলৈ দিয়ে।