NORTHEAST NOW (Assamese)

২১ জুনত উত্তৰ গুৱাহাটীত বিশ্ব যোগ দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি

June 10, 2018 12:45 pm · এন ই নাও নিউজ

অহা ২১ জুনত সমগ্ৰ বিশ্বতে যোগ দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীতো যোগ দিৱস পালনৰ ব্যাপক প্ৰস্তুতি চলিছে৷

উল্লেখযোগ্য যে উত্তৰ গুৱাহাটীৰ অগ্ৰণী ক্ৰীড়া সংগঠন ছোৱান এছ’চিয়েছন আৰু নৱোদয় ক্ৰীড়া সংগঠনৰ উদ্যোগত ২১ জুনত পুৱা ৬ বজাৰ পৰা ৮:৩০ বজালৈ যোগ দিৱস উদোযাপন ব্যৱস্থা কৰা হৈছে।

উত্তৰ গুৱাহাটীৰ শিলসাকোঁস্থিত জি এম ডি এ সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰত যোগ শিবিৰ, আলোচনা চক্ৰ আৰু সাংস্কৃতিক অনুষ্ঠানেৰে যোগ দিৱস পালন কৰা হ’ব বুলি আয়োজক সমিতিৰ পৰা জানিব পৰা গৈছে।

ইয়াৰ উপৰিও আয়োজক সমিতিৰ সভাপতি-সম্পাদকে উক্ত অনুষ্ঠান সমূহত অংশ গ্ৰহণ কৰিব বিচৰা ইচ্ছুক ব্যক্তি সকলক সংস্থাৰ কৰ্মকৰ্তা মানস দাস, জ্যোতিপ্ৰসাদ তামুলী অথবা দিলীপ বৰাৰ লগত ৯৫০৮৭০২১৮৮,  ৯৮৬৪০২০৯২৯ অথবা ৭০০২৬৪৯০৩৭ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে। লগতে অনুষ্ঠানটো সফলভাৱে আয়োজন কৰাৰ ক্ষেত্ৰত উত্তৰপৰীয়া সকলো ৰাইজৰে সহায় সহযোগিতা কামনা কৰিছে।

Related News