NORTHEAST NOW (Assamese)
মেঘালয়

২৩ আগষ্টত মেঘালয়ৰ দক্ষিণ তুৰা সমষ্টিত উপ-নিৰ্বাচন; ভাগ্য নিৰ্ণয় হ’ব মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ

Posted by: এন ই নাও নিউজ July 24, 2018 2:31 pm
Conrad-Sangma-1-570x320

অহা ২৩ আগষ্টত মেঘালয়ৰ দক্ষিণ তুৰা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। সেইদিনাই মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ নিৰ্ণয় হ’ব ভাগ্য। কিয়নো এই সমষ্টিটোৰ পৰাই প্ৰতিদ্বণ্ডিতা কৰিব মুখ্য মন্ত্ৰীগৰাকীয়ে।

চলিত মাহৰ আৰম্ভণিতে তুৰা লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা দক্ষিণ তুৰা সমষ্টিৰ এন পি পিৰ বিধায়িকা আগাথা চাংমাই মেঘালয় বিধানসভা সদস্য পদৰ পৰা পদত্যাগ কৰিছিল। আগাথাই তেওঁৰ ভাতৃ তথা মুখ্য মন্ত্ৰী কনৰাড চাংমাক মুখ্য মন্ত্ৰীৰ দায়িত্ব নিয়াৰিকৈ চলাই যোৱাৰ উদ্দেশ্যে উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিধানসভাৰ সদস্যৰ পদ এৰি দিয়া বুলি ৰাজনীতি মহলত চৰ্চিত হৈছিল।

উল্লেখ্য যে মুখ্য মন্ত্ৰী কনৰাড চাংমা এতিয়াও লোকসভাৰ সদস্য হৈয়ে আছে। আৰু জানিব পৰা মতে অহা সপ্তাহত তেওঁ সাংসদ পদৰ পৰা পদত্যাগ কৰাৰ পূৰ্ণ সম্ভাৱণা আছে।

ইফালে জানিব পৰা মতে ৰাজ্যখনৰ ৫১ নং দক্ষিণ তুৰা সমষ্টিৰ উপ-নিৰ্বাচনৰ মনোনয়নপত্ৰ দাখিলৰ অন্তিম দিন ৬ আগষ্ট, ৭ আগষ্টত মনোনয়নপত্ৰ পৰীক্ষা, ২৩ আগষ্টত ভোটদান আৰু ২৭ আগষ্টত ফলাফল ঘোষণা কৰা হ’ব।