NORTHEAST NOW (Assamese)
অৰুণাচল

কর্কটৰ সজাগতা বৃদ্ধিৰ লক্ষ্যৰে কাইলৈ শিলচৰৰ পৰা আৰম্ভ হ’ব বাইক ৰেলী

Posted by: এনই নাও নিউজ March 11, 2018 1:02 pm
Bikers

সম্প্ৰতি সমগ্ৰ বিশ্বতে মাৰাত্মক ৰূপ ধাৰণ কৰা কৰ্কট ৰোগ সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দ্যেশে কাইলৈ শিলচৰৰ পৰা আৰম্ভ হ’ব এক বাইক ৰেলীৰ।

টাটা ট্ৰাষ্ট আৰু কাচাৰ কেন্সাৰ হস্পিতালৰ যৌথ প্ৰচেষ্টা তথা ভয়চ অৱ টবাকু ভিক্টিম-নেশ্যনেল কেন্সাৰ গ্ৰীডৰ সহযোগিতাত কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া এই বাইক ৰেলীয়ে উত্তৰ পূবৰ ৭খন ৰাজ্যক সামৰি ল’ব বুলি প্ৰকাশ কৰিছে উদ্যোক্তাসকলে।

১১ দিনীয়া এই বাইক ৰেলীত চিকিৎসক তথা কৰ্কটৰ বিশেষজ্ঞসকলে অংশ্ৰগ্ৰহণ কৰি জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰিব।

উল্লেখ্য যে কাইলৈ শিলচৰ পৰা আৰম্ভ হ’বলগীয়া এই বাইক ৰেলী শ্বিলং, গুৱাহাটী, তেজপুৰ, ইটানগৰ, ডিব্ৰুগড়, কহিমা, ইম্ফল, আইজল, আগৰতলা হৈ পুনৰ শিলচৰত সমাপ্ত হ’ব। এই ‘ৰাইড এণ্ড ৰান’ ৰেলীত মুঠ ২১০০ কিলোমিটাৰ দূৰত্ব সামৰি লোৱা হ’ব।

আনহাতে এই ৰেলীৰ অংশ হিচাপে গুৱাহাটী, ডিব্ৰুগড়, তেজপুৰ, শিলচৰৰ চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থী-নাৰ্ছ সকলৰ বাবে কৰ্কটৰ গৱেষণা আদি সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হ’ব।

এই বাইক ৰেলীৰ সময়ছোৱাত উত্তৰ পূবৰ বিভিন্ন চহৰ-গাঁৱৰ লোকৰ মাজত কৰ্কট ৰোগ সন্দৰ্ভত সজাগতা বৃদ্ধি কৰাৰ উদ্দ্যেশ্য ভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিব চালক-আৰোহী সকলে।