NORTHEAST NOW (Assamese)
অসম

ধেমাজিৰ চমৰাজান পানীতোলাত ৰে’লে মহতিয়ালে স্কৰপিঅ’ বাহন, এজন নিহত

Posted by: জাহ্নৱী বৰুৱা,গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা,গুৱাহাটী May 9, 2022 11:14 am

ধেমাজি চমৰাজান পানীতোলাত এক ভয়ংকৰ দুৰ্ঘটনা ঘটিছে।

নাহৰলগুন-তিনিচুকীয়া ইন্টাৰচিটি এক্সপ্ৰেছত স্কৰপিঅ’ বাহন এখনে খুন্দা মৰাত এজন আৰোহীৰ মৃত্যু ঘটে। ।

নাহৰলগুনৰ পৰা তিনিচুকীয়ালৈ গৈ থকা অৱস্থাত চমৰাজান পানীতোলাত ৰে’ল আলি পাৰ হ‌ওতেই স্কৰপিঅ’ খন মহতিয়াই নিয়ে ৰে’লখনে।

দুৰ্ঘটনাত এজন নিহত,আৰু এজন গুৰুৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাত থিতাতে নিহত ডিম্পুল বৰগোহাঁই নামৰ এগৰাকী ব্যক্তি আৰু গুৰুতৰভাৱে আহত হয় অমৰাৱতী দলে।