NORTHEAST NOW (Assamese)
অটো

ভাৰতত আসুসে (ASUS) মুকলি কৰিব বিশ্বৰ আটাইতকৈ পাতল গেমিং লেপটপ; দাম শুনি আচৰিত হ’ব আপুনি!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 10, 2019 12:55 pm
ASUS

লেপটপ আৰু স্মাৰ্টফোন নিৰ্মাতা প্ৰতিষ্ঠান আসুসে নতুন প্ৰযুক্তিৰ ব্যৱহাৰেৰে বিশ্বৰ ভিতৰত আটাইতকৈ পাতল গেমিং লেপটপ মুকলি কৰাৰ কথা ঘোষণা কৰে। আসুসৰ মুকলি হ’বলগীয়া আৰ অ’ জি জেফাইৰছ চিৰিজৰ নতুন লেপটপটোৰ মূল্য হ’ব ২৯,৯,৯৯০ টকা।

আগশাৰীৰ ইলেক্ট্ৰিক সামগ্ৰী নিৰ্মাতা প্ৰতিষ্ঠানটোৱে মঙলবাৰে এক অনুষ্ঠানত নতুনকৈ মুকলি হ’বলগীয়া লেপটপটো জীফোৰ্ছ আৰটিএক্স ২০৮০ জীপিয়ু আৰু ইণ্টেল কোৰ আই ৭  চি পি য়ুৰ আধাৰত নিৰ্মিত বিশ্বৰ সকলোতকৈ পাতল লেপটপ হ’ব বুলি ঘোষণা কৰে।

আসুস ইণ্ডিয়াৰ বিজনেজ ডেভেলপমেণ্ট বিষয়া এগৰাকীয়ে নতুন লেপটপটো আৰ অ’ জি ষ্ট্ৰিক্স স্কোৰ ৩ আৰু হিৰো থ্ৰি, প্ৰো-লেভেল খেলসমূহৰ বাবে ডিজাইন কৰা হৈছে বুলি উল্লেখ কৰে।এই খেল সমূহ খেলাৰ বাবে লেপটপটোত আবশ্যকীয় গতি, সঠিক কাৰ্য্যক্ষমতা উপলব্ধ হ’ব।

আল্ট্ৰা শ্লিম গেমিং লেপটপটো মুকলি কৰা সন্দৰ্ভত আসুস ইণ্ডিয়াৰ এগৰাকী বিষয়াই কয় যে ১৫ ইঞ্চিৰ পাতল গেমিং লেপটপটোৱে ভাৰতৰ লেপটপৰ বজাৰত স্থান দখল কৰিবলৈ সক্ষম হ’ব।