NORTHEAST NOW (Assamese)
Popular Stories

‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 8, 2026 7:42 am

উত্তপ্ত বাক্য বিনিময় চলি আছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দীৰ্ঘসময় ধৰি নিজকে নিয়ন্ত্ৰণ কৰি ৰাখিছিল। কিন্তু শেষত তেওঁ নোৱাৰিলে। দেওবাৰে এনবিচিৰ জনপ্ৰিয় অনুষ্ঠান ‘মিট দ্য প্ৰেছ’ৰ সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোনটো দলিয়াই পেলাই থৈ উঠি গুচি যায়। যোৱাৰ পূৰ্বে তেওঁ সাংবাদিক ক্ৰীষ্টেন ৱেলকাৰকো কটু কথা শুনাই গ’ল। কোনো সংকোচ নকৰাকৈয়ে ক’লে, ‘আপুনি হয় মূৰ্খ, নহয় অসৎ।’

কেলিফৰ্ণিয়াত ভোট গণনাক লৈ বিতৰ্ক আৰম্ভ হৈছিল। ২ জুনত প্ৰাথমিক নিৰ্বাচনৰ পিছত ৫ দিন পাৰ হৈ গ’ল।কিন্তু ফলাফল এতিয়াও ঘোষণা কৰা হোৱা নাই। নিৰ্বাচনৰ কথা কওঁতে ট্ৰাম্পে কয়, ‘ইমান দিন হ’ল, আৰু এতিয়াও ফলাফল জানিব পৰা হোৱা নাই।’

দৰাচলতে কেলিফৰ্ণিয়াৰ সকলো ভোটাৰলৈ বেলট মেইলযোগে প্ৰেৰণ কৰা হয়। একেদৰেই ভোট দি বেলট ঘূৰাই পঠিয়াই দিয়ে। ফলত সকলো পৰীক্ষা কৰিবলৈ কিছু সময় লাগে। ক্ৰীষ্টেনে ট্ৰাম্পক সেই কথাই কয়, “প্ৰক্ৰিয়াটো এনেকুৱাই, ইয়াৰ বাবে সময় লাগে।”

এনে কথাত ট্ৰাম্প সন্তুষ্ট হ’ব পৰা নাছিল। তেওঁ পোনপটীয়াকৈ অভিযোগ কৰে, “আপুনি জানেনে কিয় পলম হৈছে? কাৰণ তেওঁলোকে নিৰ্বাচনত ৰিগিং কৰি আছে।” ক্ৰীষ্টেনও এৰি দিয়া নাছিল। তেওঁ পোনপটীয়াকৈ ট্ৰাম্পৰ পৰা প্ৰমাণ বিচাৰে। কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ বক্তব্যৰ সমৰ্থনত কোনো প্ৰমাণ দিব নোৱাৰিলে।

তেওঁ ক’লে, “মই মানুহৰ কথা শুনো।” ইয়াৰ পৰাই পৰিস্থিতি ক্ৰমান্বয়ে উত্তপ্ত হ’বলৈ ধৰে। ক্ৰীষ্টেনে দাবী কৰে যে আমেৰিকাত নিৰ্বাচনত ৰিগিঙৰ বহু অভিযোগ উত্থাপন হৈছে। কিন্তু কোনেও কোনো প্ৰমাণ দিব পৰা নাছিল।

ট্ৰাম্পে বিষয়টো এৰাই চলি প্ৰশ্ন কৰে, “আপুনি কি ভাবে? নিৰ্বাচনৰ পাঁচ দিনৰ পাছতো কোন জয়ী হ’ল সেয়া জানিব পৰা হোৱা নাই। সেয়া সঠিক নে?” ক্ৰীষ্টেনেও নিজৰ বক্তব্যত অটল হৈ থাকিল। কেলিফৰ্ণিয়াৰ নিৰ্বাচন কৰ্তৃপক্ষই সমগ্ৰ বিষয়টো ক্ষিপ্ৰ কৰিবলৈ চেষ্টা কৰিছে বুলিও তেওঁ কয়। ইয়াৰ পিছতে ট্ৰাম্প আগ্ৰাসী হৈ পৰে। তেওঁ চিঞৰিবলৈ ধৰিলে, “তেওঁলোক অসৎ। আপুনি যেনেকৈ অসৎ। আপোনাৰ সংবাদ মাধ্যম অসৎ। মিট দ্য প্ৰেছ অসৎ।’ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে দাবী কৰে, ‘আমি এতিয়া তৃতীয় বিশ্বৰ দেশৰ দৰে নিৰ্বাচন অনুষ্ঠিত কৰিছো।’

ক্ৰীষ্টেনে উত্তৰ দিয়ে, ‘মই আপোনাক কথা এটা কওঁ, মই অসৎ নহয়।’ ট্ৰাম্প আৰু আগ্ৰাসী হৈ উঠিল। তেওঁ খঙেৰে কয়, ‘আপুনি হয় অসৎ, নহয় মূৰ্খ। বিবিচি, চিবিএছ, চিএনএন – সকলো পক্ষপাতদুষ্ট আৰু অসৎ সংবাদ মাধ্যম।’

ইয়াৰ পিছত হঠাতে ট্ৰাম্পে মাইক্ৰ’ফোনটো খুলি দলিয়াই পেলাই দিলে। তেওঁ ক’লে, ‘ঠিক আছে, ইয়াতেই শেষ কৰি দিওঁ। সেয়াই যথেষ্ট৷ ধন্যবাদ ডাৰ্লিং। ভালে থাকক।’ এইদৰে কৈ উঠি গপগপাই ওলাই গুচি যায়।

অৱশ্যে এয়া প্ৰথমবাৰৰ বাবে নহয়। সংবাদ মাধ্যমৰ সৈতে ট্ৰাম্পৰ সম্পৰ্ক সদায় তিক্ত। কিছুদিন পূৰ্বে তেওঁ চিএনএনৰ সাংবাদিক কেটলান কলিন্সক কঠোৰ ভাষাৰে আক্ৰমণ কৰিছিল। তেওঁ কটুক্তি কৰি কৈছিল, ‘ধুনীয়া যুৱতী। কিন্তু কেতিয়াও হাঁহিব নোৱাৰে। তেওঁৰ চকুত ঘৃণা দেখা পাও।’ ৬ জানুৱাৰীৰ কেপিটেল আক্ৰমণৰ অভিযোগত অভিযুক্তসকলক ক্ষতিপূৰণ দিবলৈ গঠন কৰা পুঁজিৰ বিষয়ে সোধাত ট্ৰাম্পে “চুপ থাকক” বুলি সাংবাদিকগৰাকীক ধমক দিছিল।