NORTHEAST NOW (Assamese)
অসম

‘অন্নদাতা কৃষকৰ দাবীক উপেক্ষা কৰাটো উচিৎ হোৱা নাই’—গান্ধীজীৰ নাতিনীয়েক তাৰা গান্ধীৰ ক্ষোভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 14, 2021 4:41 pm
a grand

তিনিখনকৈ কৃষি আইন বাতিলৰ দাবীত বিগত দুমাহ ধৰি দিল্লীত আন্দোলন  অব্যাহত ৰখা কৃষকসকললৈ ইতিমধ্যে বিশ্বৰ বহু প্ৰখ্যাত ব্যক্তিয়ে সমৰ্থন দিছে।

ইয়াৰ মাজতে শেহতীয়াকৈ জাতিৰ পিতা মহাত্মা গান্ধীৰ নাতিনীয়েক তাৰা গান্ধী ভট্টাচাৰ্যই কৃষকসকলৰ কাষত থিয় দি তেওঁলোকৰ আন্দোলনলৈ পূৰ্ণ সমৰ্থন দিয়ে।

তাৰা গান্ধীয়ে কয় যে কৃষকসকলে যি দাবীত অটল হৈ আছে সেয়া সম্পূৰ্ণ নায্য দাবী।

চৰকাৰে কিয় তেওঁলোকৰ দাবীৰ প্ৰতি গুৰুত্ব দিয়া নাই সেয়া ৰহস্যৰ বিষয় বুলিও তেওঁ কয়।দিল্লী আৰু উত্তৰ প্ৰদেশ সীমান্তৰ গাজীপুৰত উপস্থিত হৈ তাৰা গান্ধীয়ে কৃষকসকলৰ সৈতে বহু সময় কটায়।

অন্নদাতা কৃষকসকলক উপেক্ষা কৰাটো কোনো পধ্যে ভাল কথা হোৱা নাই বুলি তেওঁ মন্তব্য কৰে। প্ৰতিবাদী কৃষকসকলক তেওঁ শান্তি-শৃংখলা বজাই ৰাখি আ্ন্দোলন চলাই যাবলৈ আহ্বান জনায়।

নতুন কৃষি আইনৰ বিৰোধিতাৰে কৃষক বিদ্ৰোহক ব্যাপক ৰূপ দিবৰ বাবে কৃষক সংগঠনসমূহে ‘ৰেল বন্ধ’ৰ ঘোষণা কৰিছে। ‘সময়ুক্তা কিষাণ মৰ্চা’ই ঘোষণা কৰামতে ১৮ ফেব্ৰুৱাৰীত চাৰি ঘণ্টাৰ বাবে দেশজুৰি ৰেলপথসমূহ বন্ধ কৰি ৰখা হ’ব।

কৃষক সংগঠনটোৱে জানিব দিয়া মতে, ১৮ ফেব্ৰুৱাৰীৰ দিনৰ ১২ বজাৰ পৰা ৪ চাৰি বজালৈকে তেওঁলোকে ‘ৰেল বন্ধ’ বাহাল ৰাখিব।

উল্লেখযোগ্য যে চলিত মাহৰ প্ৰথমফালেও প্ৰতিবাদকাৰী কৃষকসকলে তিনি ঘণ্টাৰ বাবে ‘ৰাস্তা বন্ধ’ কাৰ্যসূচী হাতত লৈছিল।