NORTHEAST NOW (Assamese)
অসম

CAA মানৱীয় আইন: পূৰ্ণ সমৰ্থনত বাংলাদেশী সংখ্যালঘু বিশ্ব সম্প্ৰদায়

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 28, 2019 6:11 pm
Anti-CAA-protest-in-Titabar.-Image-credit-Twitter-750x375 Humanitarian act: Global communities of Bangladesh minorities support CAA

বাংলাদেশী সংখ্যালঘু সম্প্ৰদায়ৰ বিশ্বৰ বিভিন্ন দেশত থকা এক ডজনকৈ বেছি সংগঠনে ভাৰতৰ বিতৰ্কিত নাগৰিকত্ব (সংশোধন) আইন ২০১৯লৈ সমৰ্থন আগবঢ়াইছে আৰু ইয়াক “মানৱীয়” বুলি আখ্যা দিছে।

“বিশ্বজুৰি বাস কৰা আমি, বাংলাদেশৰ পৰদেশবাসী হিন্দু আৰু আন ধৰ্ম আৰু নৃগোষ্ঠীয় সংখ্যালঘুসকলে, ভাৰতৰ সংসদে পাছ কৰা নাগৰিকত্ব সংশোধন আইন ২০১৯ৰ সম্পূৰ্ণ সমৰ্থন কৰো। এইখন মানৱতাৰ দিশলৈ এখন মানৱীয় আইন,” বাংলাদেশী সংখ্যালঘু সংগঠন আৰু তেওঁলোকৰ কিছু প্ৰখ্যাত ব্যক্তিয়ে কৰা জাৰি বিবৃতিত প্ৰকাশ

আইনখনৰ আন বহু দিশৰ লগতে “মুছলমান”ক অন্তৰ্ভুক্ত নকৰাটোৱে ভাৰতৰ লগতে বিশ্বজুৰি চৰ্চা লাভ কৰাৰ বিপৰীতে, বিবৃতিটোৰমতে, বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰ পৰা “পলোৱা লাখ লাখ অ-মুছলমান”ৰ প্ৰতি CAAৰ জৰিয়তে ভাৰতে “আংশিকভাৱে” ইয়াৰ দায়িত্ব পূৰ কৰিছে।

“তেওঁলোকে ভাৰতত তেওঁলোকৰ অধিকাৰ সাব্যস্ত কৰিব পৰা নাছিল। CAAই তেওঁলোকক সেই অধিকাৰ দিছে,” বিবৃতিটোত কোৱা হৈছে।

বিবৃতিটোত দেশ বিভাজনৰ “ভয়াৱহতা” উল্লেখ কৰি নেহৰু-লিয়াকত চুক্তি কেতিয়াও “বাস্তৱ” নহ’ল বুলি কোৱা হৈছে।

বিবৃতিটোত লগতে কোৱা হৈছে যে বাংলাদেশত বৰ্তমান প্ৰায় ২০ নিযুত হিন্দু, বৌদ্ধ আৰু খ্ৰীষ্টানে বাস কৰি আছে আৰু ভাৰতীয় চৰকাৰে সেইসকলৰ ভালৰ বাবে কাম কৰি যাব বুলি তেওঁলোকে আশা কৰে।

“সেইসকল লোক তেওঁলোকৰ মাতৃভূমি বাংলাদেশত নিৰাপত্তা আৰু মৰ্য্যাদাৰে সৈতে বাস কৰিব খোজে।”

বিবৃতিটোত স্বাক্ষৰকাৰী সংগঠনসমূহ মূলতঃ ইউৰোপ, এমেৰিকাস্থিত।

তাৎপৰ্য্যপূৰ্ণভাৱে, বাংলাদেশী পৰবাসী সংখ্যালঘুসকলৰ কা সমৰ্থনৰ বিপৰীতে দেশখনত বৰ্তমানো বাস কৰা হিন্দু, বৌদ্ধ, খ্ৰীষ্টান সংগঠন কিছুমানে আইনখনে দেশখনত সংখ্যালঘুৰ ওপৰত নিৰ্য্যাতন বৃদ্ধি কৰিব বুলি মত প্ৰকাশ কৰি আহিছে।

বাংলাদেশ হিন্দু, বৌদ্ধ, খ্ৰীষ্টান ঐক্য পৰিষদ নামৰ মানৱ অধিকাৰ সংগঠন এটাই যোৱা ১৪ ডিচেম্বৰত জাৰি কৰা বিবৃতিত প্ৰকাশ: “এই আইনখনে এহাতে দেশত থকা সংখ্যালঘুসকলক অধিক নিৰাপত্তাৰ আশাত দেশত্যাগৰ বাবে উৎসাহিত কৰিব, দ্বিতীয়তে দেশৰ ভিতৰৰ অসাম্প্ৰদায়িক গণতান্ত্ৰিক আন্দোলনত তেওঁলোকৰ অংশগ্ৰহণক নিৰুৎসাহিত কৰিব।”

আইন হোৱাৰ পূৰ্বে বাংলাদেশৰ জাতীয় হিন্দু মহাজোঁটৰ সাধাৰণ সম্পাদক গোবিন্দ প্ৰামাণিকে বিধেয়কখন বাতিল কৰিবলৈ ভাৰত চৰকাৰক আহ্বান জনাইছিল।

“ই (বিধেয়কে) বাংলাদেশ আৰু উত্তৰ-পূব ভাৰতত আমাক কেৱল টাৰ্গেট কৰি তুলিছে। আমাৰ মানুহখিনিক ডবাখেলৰ গুটিৰূপে ব্যৱহাৰ কৰা হৈছে আৰু এইটো বন্ধ হ’ব লাগে,” বাংলাদেশত সংখ্যালঘু হিন্দুসকলৰ হৈ আইনী যুঁজ চলোৱা অধিবক্তা প্ৰামাণিকে কৈছিল।

শেহতীয়াকৈ ৰাষ্ট্ৰসংঘই আইনখনক “মৌলিকভাৱে বৈষম্যমূলক” বুলি অভিহিত কৰিছিল।

লগতে পঢ়ক–  ভাৰতৰ পদক্ষেপে বাংলাদেশত সংখ্যালঘুৰ ওপৰত নিৰ্য্যাতন বৃদ্ধি কৰিব : বাংলাদেশত সংবাদমেলত হিন্দু বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদ