NORTHEAST NOW (Assamese)
অসম

২৪ ঘণ্টাত উদ্ধাৰ দুটাকৈ বনৰীয়া হতীৰ মৃতদেহ

Posted by: এন ই নাও নিউজ ব্যৰো: December 3, 2017 4:28 pm
২৪ ঘণ্টাত উদ্ধাৰ দুটাকৈ বনৰীয়া হতীৰ মৃতদেহ

যোৱা ২৪ ঘণ্টাৰ ভিতৰত ৰাজ্যখনত দুটাকৈ বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। জানিব পৰা মতে মৃত হাতী দুটাৰ এটা  দীপৰ বিল আৰু আনটো শোণিতপুৰ জিলাৰ চটাই অঞ্চলৰ পৰা বন বিভাগে উদ্ধাৰ কৰিছে।  প্ৰাপ্ত তথ্য মতে দীপৰ বিলত উদ্ধাৰ কৰা মৃত হাতীটো আজি কিছুদিন ধৰি দীপৰ বিলৰ কাষৰ বোকাত আবদ্ধ হৈ আছিল। স্থানীয় ৰাইজে বন বিভাগৰ গাফিলতিৰ ফলতেই হাতীটোৰ মৃত্যু হয় বুলি অভিযোগ কৰে। আনহাতে চটাইত উদ্ধাৰ হোৱা মৃত হাতীটো যোৱা কিছু দিন ধৰি অসুস্থ হৈ আছিল বুলি বন বিভাগে জানিবলৈ দিয়ে।