NORTHEAST NOW (Assamese)
অসম

২৪ ঘণ্টা পাৰ হৈ যোৱাৰ পাছতো থমকি ৰোৱা নাই মেণ্ডোলিন বাদক কুন্তল ৰাজ

Posted by: কল্পজ্যোতি শইকীয়া December 25, 2017 9:43 pm
২৪ ঘণ্টা পাৰ হৈ যোৱাৰ পাছতো থমকি ৰোৱা নাই মেণ্ডোলিন বাদক কুন্তল ৰাজ

কালি নিশা ৮ বজাৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈকে থমকি ৰোৱা নাই গীণিজ ৰেকৰ্ডত নাম অন্তৰ্ভুক্তিৰ চেষ্টা চলোৱা মেণ্ডোলিন বাদক কুন্তল ৰাজ চক্ৰৱৰ্তী। জানিব পৰা মতে তেখেতে আজি প্ৰায় ১১ বজালৈকে তেখেতৰ এই অভিলেখ সৃষ্টিকাৰী অভিযান অব্যাহত ৰাখিব। ২৪ ঘণ্টাৰ পিছতো মুখত এমোকোৰা হাঁহি লৈ কুন্তল ৰাজে মেণ্ডোলিন বাদন কৰি গৈছে। নৰ্থ ইষ্ট নাওৱে তেখেতৰ এই অভিযানৰ কিছু দৃশ্যাংশ ফেচবুক পেজৰ জৰিয়তে পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছিল। আপোনালোকে যদি কুন্তল ৰাজৰ এই যাত্ৰাৰ অংশীদাৰ হ’ব বিচাৰে তেন্তে আমাৰ পেজ https://www.facebook.com/nenownews/videos/811943805656731/ northeast now ত লগ ইন কৰিব পাৰে। তেখেতলৈ নৰ্থ ইষ্ট নাও তৰফৰ পৰা শুভকামনা জ্ঞাপন কৰিলো।