NORTHEAST NOW (Assamese)

২৪ ফেব্ৰুৱাৰিৰ পৰা গুৱাহাটী জিলা পুথিভঁৰালত জ্যোতিৰূপাৰ ‘সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী পূৰ্ণাংগ নাট সমাৰোহ’

February 21, 2018 8:11 pm · সুকৃতি গগৈ
Updated: February 21, 2018 8:20 pm
জ্যোতিৰূপাৰ সংবাদমেল

সমাজ-সাংস্কৃতিক সংগঠন ‘জ্যোতিৰূপা’ই ২৪ ফেব্ৰুৱাৰিৰ পৰা গুৱাহাটী জিলা পুথিভঁৰালত আয়োজন কৰিছে ‘সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী পূৰ্ণাংগ নাট সমাৰোহ’।

দশম বছৰত ভৰি দিয়া এই সমাৰোহটো প্ৰত্যেক দিনা সন্ধিয়া ৬ বজাত পাঁচদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’ব।

সমাৰোহটোত মুঠ পাঁচখন নাট মঞ্চস্থ হ’ব। অসমৰ বিভিন্ন ঠাইৰ পৰা অহা কেইটামান জনপ্ৰিয় নাট্য দল এই অনুষ্ঠানৰ অংশ হ’ব। মুম্বাইৰ বিইং এছিয়ান নাট্য দলৰ এখন নাটকো অনুষ্ঠানটোৰ সামৰণিৰ দিনা মঞ্চস্থ হ’ব।

বঁটাপ্ৰাপ্ত চিনে’মা নিৰ্মাতা মঞ্জু বৰাই এই সমাৰোহটো উদ্বোধন কৰিব।

বুধবাৰে গুৱাহাটী প্ৰে’ছ ক্লাবত সংবাদ মেলযোগে জ্যোতিৰূপাই জনাই যে ‘ৰাধা গোবিন্দ বৰুৱাৰ সপোনৰ সৈতে সংগতি ৰাখি’ তেওঁলোকে ‘এক নাট সংস্কৃতিৰ প্ৰসাৰৰ বাবে অসমৰ বিভিন্ন কোণৰ তৰুণ প্ৰতিভাসকলক এখন মঞ্চ যোগান ধৰিব খুজিছে’।

জ্যোতিৰূপাৰ উপ-সভাপতি ভুৱন লহকৰে কয়, ‘এইবাৰ আমাৰ প্ৰচেষ্টাই দশম বছৰত ভৰি দিলে। অসমীয়া আৰু অন্যান্য আঞ্চলিক ভাষাসমূহৰ ঐক্য আৰু জনপ্ৰিয়তা গৰিমা হেৰুওৱাৰ সময়তে এই প্ৰচেষ্টা আৰম্ভ কৰা হৈছিল। আমাৰ সংগঠনটোৱে নাট আৰু সাংস্কৃতিক আন্দোলনটোৰ আদিম গৌৰৱ পুনৰ ঘূৰাই অনাৰ লক্ষ্য লৈছো।’

‘সাংস্কৃতিক আন্দোলন গঢ়ি তোলা আৰু সম্প্ৰসাৰিত কৰাৰ বাবে’ জ্যোতিৰূপাই প্ৰতি বছৰে উত্তৰ-পূব একাংকিকা নাট প্ৰতিযোগিতাৰো আয়োজন কৰি আহিছে।

তেওঁ কয়, ‘অভিনয়ৰ ক্ষেত্ৰত ৰাধা গোবিন্দ বৰুৱাৰ অৰিহণাৰ বিষয়ে নতুন প্ৰজন্মক সোঁৱৰাই দিয়াতো আমাৰ দায়িত্ব। তেওঁ আছিল এজন অতি উদ্যমী পুৰুষ যি নাটকত অভিনয়ো কৰিছিল আৰু বহু বিলাক নাট মঞ্চস্থ কৰাৰ ক্ষেত্ৰত সহায়ো কৰিছিল।’

Related News