NORTHEAST NOW (Assamese)

২৪ মাৰ্চৰ পৰা নাগালেণ্ড বিশ্ববিদ্যালয়ত সৰ্বভাৰতীয় লেখক সমাৰোহ

March 21, 2018 4:29 pm · এন ই নাও নিউজ

সাহিত্য একাডেমি আৰু নাগালেণ্ড বিশ্ববিদ্যালয়ৰ উদ্যোগত অহা ২৪ মাৰ্চৰ পৰা নাগালেণ্ড বিশ্বিদ্যালয়ৰ মেৰিয়েমা কেম্পাছৰ ছাত্ৰী ক’মন ৰূমত সৰ্বভাৰতীয় লেখক সন্মিলন অনুষ্ঠিত হ’ব।

সন্মিলনখনৰ আহ্বায়ক অধ্যাপক ডি কুৱলিয়ে সৰ্বভাৰতীয় লেখক সন্মিলনে নাগাসকলৰ ভাষা সাহিত্যৰ উন্নয়ণ আৰু সমিদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য অৰিহনা যোগাব বুলি উল্লেখ কৰি কয় যে নাগালেণ্ডত অনুষ্ঠিত কৰা এইখনে হৈছে প্ৰথম এনেধৰণৰ অনুষ্ঠান।

২৪ মাৰ্চৰ পুৱা ১১:০০ বজাত সন্মিলনখনৰ শুভাৰম্ভনি অনুষ্ঠানৰ আৰম্ভ হ’ব বুলি কুৱলিয়ে জানিবলৈ দিয়ে।

সাহিত্য একাডেমিৰ উপ সভাপতি মাধৱ কৌশিক সভাপতি ভাষণ প্ৰদান কৰিবলগীয়া উক্ত সন্মিলনত নাগালেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰ’ উপাচাৰ্য ৰমেশ চি গুপ্তায়ে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ আৰু ৰাজ্যখনৰ বিশিষ্ট লেখিকা টেমছুলা আওৱে উদ্বোধনী ভাষন প্ৰদান কৰিব।

Related News