NORTHEAST NOW (Assamese)
অসম

২৫ মে’ত ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

Posted by: এন ই নাও নিউজ May 21, 2018 2:21 pm
ATTACHMENT

অহা ২৫ মে’ত ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। সেইদিনা দিনৰ ১১ বজাত ফলাফল লাভ কৰিবলৈ সক্ষম হ’ব ছাত্ৰ-ছাত্ৰীয়ে।— এই তথ্য প্ৰকাশ কৰিছে ছেবাৰ সচিব প্ৰবীণ শৰ্মাই।

আনহাতে ফলাফল ঘোষণাৰ দিনাখনে  ছাত্ৰ- ছাত্ৰীক প্ৰদান কৰা হ’ব মাৰ্কশ্বীট আৰু চাৰ্টিফিকেট। উল্লেখযোগ্য যে ছেবাৰ নিৰ্দিষ্ট ৱেবছাইটত উক্ত দিনা পুৱা ৯ বজাৰ পৰাই ফলাফলসমূহ লাভ কৰিবলৈ সক্ষম হ’ব শিক্ষাৰ্থীয়ে।

জানিব পৰা মতে চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাত ৰাজ্যৰ মুঠ ৩ লাখ ৫৩ হেজাৰ ৫৩৩গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে।

আনহাতে অহা ৩০ মে’ত উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ সম্ভাৱনা আছে। এই কথা প্ৰকাশ কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঁয়ে।

বিগত সময়ছোৱাত ফলাফল ঘোষণাক লৈ চলি থকা চৰ্চাৰ মাজতে আজি ২৫ মে’ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব বুলি আনুষ্ঠানিক ঘোষণা কৰাটো তাৎপৰ্যপূৰ্ণ।