NORTHEAST NOW (Assamese)

২৮ জানুৱাৰিত বৰপেটা কবি সন্মিলনৰ বাৰ্ষিক অধিৱেশন

January 23, 2018 7:39 pm · পুলেন্দ্ৰ দাস
Updated: January 23, 2018 7:40 pm

অহা ২৮ জানুবাৰিত বৰপেটা কবি সন্মিলনৰ বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত হ’ব। বৰপেটা প্ৰেছ ক্লাব প্ৰাংগণত অনুষ্ঠিত হ’ব লগা এই সন্মিলনৰ কাৰ্য্যসূচীৰ মুকলিসভাত শ্ৰীমন্ত শংকৰ-মাধৱ মিশ্যনৰ সচিব উদ্ধৱ চন্দ্ৰ দাসে বিশিষ্ট অতিথি হিচাপে আৰু বিশিষ্ট সাহিত্যিক যজ্ঞেশ্বৰ কাকতীয়ে নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিব। সন্মিলনত বৰপেটা কবি সন্মিলনৰ বছৰেকীয়া মুখপত্ৰ উন্মোচন কৰিব বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই।

অনুষ্ঠানৰ মাজতে গ্ৰন্থ উন্মোচনী কাৰ্য্যসূচীও আছে বুলি কবি সন্মিলনৰ বিষয়ববীয়াই জানিবলৈ দিছে। গ্ৰন্থ উন্মোচন কৰিব বৰপেটা সাহিত্য সভাৰ সভাপতি দীনেশ দাসে।

বৰপেটা কবি সন্মিলনৰ সম্পাদক ঘনশ্যাম দাস আৰু যুটীয়া সম্পাদক ক্ৰমে দেৱলতা মেধি আৰু নিবেদিতা দাসে এন ই নাওক এই কথা জনাইছে।

অন্যান্য কাৰ্যসূচীৰ ভিতৰত আছে পুৱা ৮ বজাত পতাকা উত্তোলন। উত্তোলন কৰিব বৰপেটা কবি সন্মিলনৰ সভাপতি হৰিনাথ দাসে। ইয়াৰ পিচতে বন্তি প্ৰজ্বলন কৰিব কাৰ্যকৰী সভাপতি ছায়াদেৱী দাসে। পুৱা ৯ বজাত স্মৃতি তৰ্পণ অনুষ্ঠানত তৰ্পক হিচাপে উপস্থিত থাকিব উপ-সভাপতিদ্বয় ক্ৰমে নিৰঞ্জন পাঠক আৰু গীতামণি মেধি।

পুৱা ৯-৩০ বজাত বিশিষ্ট কবি ৰামকুমাৰ দাসৰ সঞ্চালনাত বিভিন্ন কবিৰ স্ব-ৰচিত কবিতা পাঠ আৰু প্ৰশংসা পত্ৰ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব।

Related News