NORTHEAST NOW (Assamese)

২৮, ২৯, ৩০ জানুৱাৰিত মিচিং আগম কেবাঙৰ দিহিংমুখ সমিতিৰ ৰূপালী জয়ন্তী উদযাপন

January 25, 2018 11:04 pm · হিতোজ্বল চেতিয়া
মিচিং আগম কেবাং

মিচিংসকলৰ সাহিত্য অনুষ্ঠান মিচিং আগম কেবাঙৰ শিৱসাগৰ জিলা দিহিংমুখ আঞ্চলিক সমিতিৰ ৰূপালী জয়ন্তী অনুষ্ঠান দিহিংমুখ বাকে মিচিং আগম কেবাঙৰ উদ‍্যোগত আৰু নিতাই পানীদিহিংবাসীৰ সহযোগত অহা ২৮,২৯ আৰু ৩০ জানুৱাৰিত লাইবিল মিৰিপথাৰ মুৰংঘৰ প্ৰাঙ্গণত ডাঃ ধনবীৰ পাইত লত্তা ক্ষেত্ৰত তিনিদিনীয়া বৰ্ণাঢ‍্য কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে।

১৯৯১ চনত প্ৰতিষ্ঠিত এই সংগঠনটোৱে মিচিং ভাষা-সাহিত্যৰ বিকাশ আৰু উত্তৰণৰ ক্ষেত্ৰত নিৰৱচ্ছিন্নভাৱে আত্মনিয়োগ কৰি আহিছে।

উদযাপনৰ অংশ হিচাপে খাদ‍্যমেলা, বস্ত্ৰমেলা, প্ৰদৰ্শনী, মিচিং লোক-সংগীত প্ৰতিযোগিতা, সাংস্কৃতিক শোভাযাত্ৰা, সাহিত্য প্ৰতিযোগিতা, সাংস্কৃতিক সন্ধিয়া আদি অনুষ্ঠিত হ’ব।

অধিৱেশনৰ কাৰ্য্যসূচীত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, ক্ৰীড়া আৰু যুৱ কল‍্যাণ আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলেৰ লগতে অসংখ্য ৰাজনৈতিক নেতা আৰু মিচিংসকলৰ বিভিন্ন জনাজাত ব্যক্তিয়ে অংশ গ্ৰহণ কৰিব।

Related News