NORTHEAST NOW (Assamese)
Popular Stories

২ লাখ টকাৰ বিনিময়ত নিজৰ ১১ দিনীয়া সন্তান বিক্ৰী কৰিলে বিধৱা মাতৃয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 27, 2023 3:52 pm

বিবাহ বহিৰ্ভূত প্ৰেমৰ বাবে গৰ্ভৱতী হয় এগৰাকী বিধৱা মহিলা। প্ৰথমে মহিলাগৰাকীয়ে গৰ্ভপাত কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু ওচৰ-চুবুৰীয়াৰ পৰামৰ্শ মতে সেই পৰিকল্পনা ত্যাগ কৰি সন্তানটি জন্ম দিলে মহিলাগৰাকীয়ে। ইয়াৰ পিছত তেওঁ সেই শিশুটিক ২ লাখ টকাত বিক্ৰী কৰি দিলে। 

পশ্চিমবংগৰ নৰেন্দ্ৰপুৰ থানা এলেকাৰ খৈদাহ ২ নং গাঁও পঞ্চায়তৰ বাসিন্দা শুক্লা দাসৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ । এই ঘটনাত নৰেন্দ্ৰপুৰ থানাৰ আৰক্ষীয়ে শুক্লাসহ ৪জন লোকক আটক কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি ৫ বছৰ পূৰ্বে শুক্লাৰ স্বামীৰ দেহাৱসান ঘটিছিল। ইয়াৰ পিছত স্থানীয় যুৱক এজনৰ সৈতে প্ৰেমৰ সম্পৰ্কত লিপ্ত হয়। ফলত শুক্লা গৰ্ভৱতী হয়। 

যেতিয়া তাই গৰ্ভপাত কৰাৰ পৰিকল্পনা কৰিছিল তেতিয়া চুবুৰীয়া শান্তি মণ্ডল নামৰ এগৰাকী মহিলাই শুক্লাক গৰ্ভপাত নকৰাকৈ গোপনে সন্তান জন্ম দিয়াৰ ব্যৱস্থা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। লগতে সেই শিশুটিক বিক্ৰী কৰাৰ ব্যৱস্থা কৰিব বুলিও তেওঁ আশ্বাস দিয়ে।

ইয়াৰ পিছত শান্তিয়ে শুক্লাক নিঃসন্তান মহিলা ঝুমা মাঝিৰ লগত চিনাকি কৰাই দিলে। শান্তিৰ তত্বাৱধানত শুক্লাই জন্ম দিলে এটি সন্তান। সন্তান জন্ম দিয়াৰ ১১ দিন পিছত শুক্লাই ২ লাখ টকাত ঝুমাক সন্তানটি বিক্ৰী কৰি দিয়ে।

এই বিষয়ে জানিব পাৰি স্থানীয় বাসিন্দা উত্তম হাল্ডাৰে নৰেন্দ্ৰপুৰ থানাত এজাহাৰ দাখিল কৰে। তদন্তৰ অন্তত শুক্লা, শান্তি, শান্তিৰ স্বামী আৰু ঝুমাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। 

অৱশ্যে শুক্লাই দাবী কৰে যে তেওঁ শিশুটিক ভালদৰে ডাঙৰ-দীঘল কৰিবলৈ ঝুমাক দিছে। আনহাতে, আৰক্ষীয়ে দাবী কৰে যে শান্তি আৰু তেওঁৰ স্বামী সন্তান বিক্ৰীৰ দালাল।