NORTHEAST NOW (Assamese)
Popular Stories

২-১৮ ফেব্ৰুৱাৰিত মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা

Posted by: এন ই নাও নিউজ February 1, 2018 5:09 pm
Guwahati- International Guwahati Trade Fair silver jubilee

অহা ২ ফেব্ৰুৱাৰিৰ পৰা  ১৮ ফেব্ৰুৱাৰিলৈ গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাৰ আয়োজন কৰা হৈছে।

উদ্যোগ আৰু বাণিজ্য মেলা সংস্থা অসম চমুকৈ ইট্‌ফাৰ উপ-সভাপতি ৰাকেশ দাসে কালি গুৱাহাটীত সংবাদমেল যোগে এই বিষয়ে জনায়।

তেওঁ জনায় যে এইবাৰৰ বাণিজ্য মেলাখন হ’ব মেলাখনৰ ৰূপালী জয়ন্তী সংস্কৰণ।

২ ফেব্ৰুৱাৰিত সন্ধিয়া ৬ বজাত মেলাখন উদ্বোধন কৰিব উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

৯ ফেব্ৰুৱাৰিত জুবিন গাৰ্গৰ সাংস্কৃতিক সন্ধিয়া আৰু  ১১ ফেব্ৰুৱাৰিত এক মেগা ফেশ্বন শ্ব’ অনুষ্ঠিত হ’ব।

অসমৰ মেঘনা, কুনাল কৌশিক, প্ৰশান্ত ঘোষ, গৰিমা গাৰ্গ আৰু আদিত্যম শইকীয়াই অংশ ল’বলগীয়া এই  ফেশ্বন  শ্ব’ৰ কৰিঅ’গ্ৰাফ কৰিব মডেল তৰা খাছগিৰে।

তদুপৰি ৰক শ্ব’, সংগীত প্ৰতিযোগিতা আৰু স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত হ’ব। নৰ্থ-ইষ্ট ফুড ফ’ৰামৰ উদ্যোগত এখন ৰন্ধন প্ৰতিযোগিতাও অনুষ্ঠিত হ’ব।

বিভিন্ন ধৰণৰ ফুড কৰ্ট থাকিব লগা এইবাৰৰ মেলাৰ মুখ্য আকৰ্ষণ স্থাপত্যৰ ডিজাইন।

থাইলেণ্ড, বাংলাদেশ, পাকিস্থান, ছিংগাপুৰ, আফগানিস্থান, ফিলিপাইনছ,মালয়েছিয়াৰ লগতে আন ভালেসংখ্যক দেশে মেলাখনত ভাগ ল’ব বুলি আয়োজকজনে জনায়।