NORTHEAST NOW (Assamese)
Popular Stories

বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০১৮ত অংশগ্ৰহণ কৰিব ১৭ খন দেশৰ প্ৰতিনিধিয়ে

Posted by: নবাৰুন গুহ February 1, 2018 4:34 pm
Chandra Mohan Patowary press meet

এডভান্তে’জ আছাম- বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০১৮ত ১৭ খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।

সন্মিলনক লৈ আজি আয়োজিত এক সংবাদমেলত অসমৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয়, ‘সন্মিলনখনত আমি সঁচাকৈয়ে এক বিশ্বজোৰা উপস্থিতি পাম। এতিয়ালৈকে ১৭ খন দেশৰ প্ৰতিনিধিয়ে সন্মিলনত অংশগ্ৰহণ নিশ্চিত কৰিছে। ৰাতিলৈকে আমি আৰু কিছু প্ৰতিনিধিৰ নিশ্চিতি পাব পাৰো। আমি বিশ্বৰ বিভিন্ন প্ৰান্তৰ কমেও ২০০ গৰাকী বিনিয়োগকাৰী আশা কৰিছো।’

তেওঁ লগতে কয়, ‘এতিয়ালৈকে বাংলাদেশ, ভূটান, কানাদা, কেম্ব’দিয়া, চেক গণৰাজ্য, জাৰ্মেনি, ইণ্ডোনেছিয়া, ইজৰায়েল, জাপান, কোৰিয়া, লাওচ, ম্যানমাৰ, নেপাল, নেদাৰলেণ্ডচ, সংযুক্ত আমিৰ শ্বাহী, এমেৰিকা আৰু ভিয়েটনামে উপস্থিতি নিশ্চিত কৰিছে। ভিয়েটনাম, লাওচ, ম্যানমাৰ, ভূটান, বাংলাদেশ আৰু কেম্ব’দিয়াৰ প্ৰতিনিধি দলক সংশ্লিষ্ট দেশসমূহৰ একোজনকৈ মন্ত্ৰীয়ে নেতৃত্ব দিব। তাৰোপৰি সন্মিলনখনতে ভাৰত আৰু ভূটানৰ মাজত অসমত প্ৰথম বাৰৰ বাবে এখন দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হ’ব। উক্ত আলোচনাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত থাকিব।’

পাটোৱাৰীয়ে লগতে জনায় যে জাপান, কেম্ব’দিয়া, বাংলাদেশ আৰু চেক ৰিপাব্লিকৰ অংশগ্ৰহণেৰে এখন চাৰিদেশীয় আলোচনা চক্ৰও অনুষ্ঠিত হ’ব।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ ফেব্ৰুৱাৰিত এই দুদিনীয়া সন্মিলনখনৰ উদ্বোধন কৰিব।

পথ পৰিৱহন আৰু ঘাইপথ মন্ত্ৰী নিতিন গাদকাৰি, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী সুৰেশ প্ৰভু, আইন আৰু ন্যায় মন্ত্ৰী ৰৱি শংকৰ প্ৰসাদ, বস্ত্ৰ, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী স্মৃতি ইৰানি, পে’ট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰী জিতেন্দ্ৰ সিং আৰু গৃ্হ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুকে ধৰি বহু সংখ্যক কেন্দ্ৰীয় মন্ত্ৰীয়েও এই সন্মিলন খনত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।