NORTHEAST NOW (Assamese)

৩০ জুনলৈ মাজত মাত্ৰ এসপ্তাহ : উমঘাম নাই এন আৰ চিৰ দ্বিতীয় খচৰাৰ

June 22, 2018 6:37 pm · দুৰ্লভ গগৈ
প্ৰতীক হাজেলাৰ ফাইল ফটো

উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত অসমত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়াটোত স্থবিৰতাৰ শংকা আহি পৰা দেখা গৈছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমতেই সৌ সিদিনালৈকে উন্নীতকৃত নাগৰিকপঞ্জীৰ দ্বিতীয়খন খচৰা অহা ৩০ জুনত প্ৰকাশ পাব বুলি গোটেই ৰাজ্যবাসী নিশ্চিত হৈ আছিল।

কিন্তু অসমৰ সমাজ-ৰাজনৈতিক জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ বিবেচিত এই মহালগনক লৈ এতিয়া ক’তো সামান্যও উৎকণ্ঠা পৰিলক্ষিত হোৱা নাই। আনকি সংশ্লিষ্ট পক্ষবোৰৰ ক্ষেত্ৰতো দেখা নাই অলপো তৎপৰতা।

মন কৰিব লগীয়া যে যোৱা ১৮ জুনত এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালৰ সৈতে কোনো যোগাযোগৰ অবিহনেই এন আৰ চিৰ দ্বিতীয় খচৰা ৩০ জুনত প্ৰকাশ সম্ভৱ নহ’ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল। ইয়াৰ কাৰণ হিচাপে তেওঁ ৰাজ্যখনত হোৱা বান পৰিস্থিতিক আঙুলিয়াই দিছিল।

তাৎপৰ্য্যপূৰ্ণভাৱে, তাৰ মাত্ৰ কেইদিন মান পূৰ্বে (১৩ জুন) দেশৰ মহাপঞ্জীয়ক শৈলেশে অসম ভ্ৰমণ কৰিছিল এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটোৰ বুজ ল’বলৈ।

মন কৰিব লগীয়া কথাটো হ’ল,– প্ৰতীক হাজেলাই অসমৰ কেইবাখনো জিলাত হোৱা বানপানীৰ বাবে ৩০ জুনত এন আৰ চিৰ দ্বিতীয় খচৰা প্ৰকাশ নাপাব বুলি কোৱাৰ পিছতে কংগ্ৰেছ, আছু আৰু কৃষক মুক্তিকে ধৰি কেইবাটাও দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে ইয়াৰ অন্তৰালত কিছুমান পক্ষৰ ষড়যন্ত্ৰ থাকিব পাৰে।

এই দল-সংগঠনবোৰে বানপানীক এটা অজুহাত হিচাপে লোৱাৰ অভিযোগ তুলিছিল এন আৰ চি কৰ্তৃপক্ষৰ বিৰুদ্ধে। আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য্যই কৈছিল, “এই সন্দৰ্ভত কিবা সিদ্ধান্ত ল’ব লগীয়া হ’লে উচ্চতম ন্যায়ালয়ে ল’ব, কাৰণ গোটেই প্ৰক্ৰিয়াটো উচ্চতম ন্যায়ালয়ৰ পোনপটীয়া তত্ত্বাৱধানত চলি আছে।” প্ৰতীক হাজেলাই সিদ্ধান্ত ল’ব নোৱাৰে বুলিও তেওঁ মন্তব্য কৰিছিল।

ইয়াৰোপৰি সচেতন নাগৰিকসকলেও এন আৰ চিৰ দ্বিতীয় খচৰা প্ৰকাশৰ ক্ষেত্ৰত দেখুওৱা হেমাহিৰ আঁৰত ষড়যন্ত্ৰৰ গোন্ধ পাইছে।

আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল- পূৰ্বে ২৭ মাৰ্চৰ এটা শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ সংশ্লিষ্ট বিচাৰপীঠে এন আৰ চি উন্নীতকৰণৰ কামত বিধি-পথালি নিদিবলৈ খোদ দেশৰ মহাপঞ্জীয়কক সকীয়াই দিছিল। প্ৰক্ৰিয়াটোত মহাপঞ্জীয়কজনৰ নেতিবাচক ভূমিকাৰ বিষয়ে অৱগতি প্ৰকাশ কৰি ‘আমাৰ সূত্ৰৰ পৰা গোপন প্ৰতিবেদন পাইছো’ বুলি শৈলেশক তেওঁৰ কৰ্মৰ বাবে সতৰ্ক কৰি দিছিল।

এই গুৰুত্বপূৰ্ণ দিনটোলৈ মাজত মাথো এসপ্তাহ থকা অৱস্থাত উচ্চতম ন্যায়ালয়ে কেতিয়া আৰু কি স্থিতি লয় সেয়া নিসন্দেহে লক্ষণীয় হ’ব।

Related News