NORTHEAST NOW (Assamese)

৩১ জানুৱাৰিত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণৰ লগতে ৰঙা আৰু নীলা জোন : ডেৰশ বছৰৰ পিছত বিৰল মহাজাগতিক পৰিঘটনা

January 31, 2018 3:44 pm · এন ই নাও নিউজ
চন্দ্ৰগ্ৰহণ সূচী

আজি ৩১ জানুৱাৰিত অসমকে ধৰি গোটেই ভাৰততে পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ দেখা পোৱা যাব।

আজি একেদিনাই পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণৰ লগতে আকাশত ৰঙা চন্দ্ৰ (Blood Moon) আৰু নীলা চন্দ্ৰ (Blue Moon)য়ো দেখা দিব। ডেৰশ বছৰৰ মূৰত আজি এই বিৰল মহাজাগতিক পৰিঘটনা পৰিলক্ষিত হ’ব।

আজি সন্ধিয়া ৫.৩০ বজাত আৰম্ভ হ’ব লগা গ্ৰহণটোৰ সন্ধিয়া ৮.৪৩ বজাত অন্ত পৰিব।

পূৰ্ণগ্ৰাস আৰম্ভ হ’ব সন্ধিয়া ৬-২১-৪৭ বজাত আৰু শেষ হ’ব ৮-৩৭-৫১ বজাত।

একেমাহতে দুটা পূৰ্ণিমা হ’লে তাক নীলা চন্দ্ৰ বুলি কোৱা হয়। আনহাতে আজি  পূৰ্ণগ্ৰাসৰ সময়ত জোনটো ৰঙচুৱা দেখা যাব।

এই বছৰত আৰু দুটা চন্দ্ৰগ্ৰহণ আৰু তিনিটা সূৰ্য্যগ্ৰহণ হ’ব। অৱশ্যে বাকী দুটা চন্দ্ৰগ্ৰহণ ভাৰতত দেখা পোৱা নাযাব।

Related News