NORTHEAST NOW (Assamese)
অসম

৩২ খন চহৰৰ মাজেৰে মুঠ ৩৫০০ কিঃ মিঃ চাইকেল চলাই গৃহৰাজ্য পালেহি  পেৰা-চাইক্লিষ্ট ৰাকেশ

Posted by: এন ই নাও নিউজ January 24, 2018 1:26 pm

পাঁচ বছৰৰ পূৰ্বে হোৱা এটা দুৰ্ঘটনাত সোঁভৰিটো হেৰুওৱা ৰাকেশ বণিক নামৰ নগাৱঁৰ কলিয়াবৰৰ আমবাগানৰ যুৱকজনে অতুলনীয় আত্মবিশ্বাসৰ জোৰত নিজকে অন্যভাৱে সক্ষম কৰি তুলি দেশৰ ভিতৰতে এজন আগ শাৰীৰ পেৰা-চাক্লিষ্ট হৈ পৰিছিল। পেৰা-চাক্লিষ্ট হিচাপে তেওঁ দেশৰ ভিতৰতে সুনাম আছে। তেওঁৰ মাজত আছে সামাজিক দায়বদ্ধতাও। যোৱা ২৪ ডিচেম্বৰত তেওঁ এই অৱস্থাৰেই থাইলেণ্ডৰ বেংককৰ পৰা আৰম্ভ কৰিছিল ৩,৫০০ কিলোমিটাৰৰ চাইকেল যাত্ৰা, যাৰ আঁৰত আছিল অসমৰ বিশ্বখ্যাত এশিঙীয়া গঁড় হত্যাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্য।

কেতিয়াও হাৰ নমনা ৩১ বছৰীয়া যুৱকজনে অৱশেষত এই যাত্ৰা সফলভাৱে সম্পন্ন কৰিছে। তেওঁ জনোৱামতে তেওঁ থাইলেণ্ড, ম্যানমাৰ, ভাৰতৰ মুঠ ৩২ খন চহৰ ভ্ৰমণ কৰি আহি কালি পুৱাই অসম-নগালেণ্ড সীমান্তৰ বোকাজান মহকুমাৰ লাহৰীজানত  উপস্থিত হৈছেহি। গোলাঘাট জিলাৰ বোকাজান মহকুমাৰ লাহৰীজানত উপস্থিত হোৱাৰ পিছতেই বোকাজান প্ৰেছ ক্লাবৰ সভাপতি প্ৰকাশ গগৈ আৰু সম্পাদক ৰুবুল দিহিঙীয়াই এখন ফুলাম গামোচাৰে তেওঁক আদৰণি জনায়৷

ওভতনি যাত্ৰাৰে গৃহৰাজ্যত ভৰি দিলেহি ৰাকেশে।

গুৱাহাটী অভিমুখী যাত্ৰাপথত বোকাজান নগৰস্থিত কলাক্ষেত্ৰ প্ৰাংগণত অনুষ্ঠিত গ্ৰন্থমেলাত পেৰা-চাইক্লিষ্টগৰাকী উপস্থিত হোৱাৰ সময়ত গ্ৰন্থমেলাৰ অভ্যৰ্থনা সমিতিয়েও এখন বিহুৱানেৰে আদৰণি জনায়। বিশেষভাৱে সক্ষম পেৰা-চাইক্লিষ্ট ৰাকেশ বণিকে গ্ৰন্থমেলাত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰী তথা ৰাইজক সম্বোধন কৰি গঁড় নিধন ৰোধ কৰা তথা সকলোকে বন্যপ্ৰাণী সমূহক সুৰক্ষা প্ৰদান কৰাৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰে। তেওঁ গড়ৰ খৰ্গৰ ব্যৱসায়ৰ সৈতে অন্ধবিশ্বাস জড়িত হৈ থকা বুলি কয়।

মুঠ ৩৫০০ কিলোমিটাৰ পথ “ছেইভ ৰাইন'” বাৰ্তা লৈ চাইকেল চলাই কৰা ৰাকেশ বণিকৰ এই পৰিভ্ৰমণ অহা ২৭ জানুৱাৰীত গুৱাহাটীত অন্ত পৰিব ৷  উল্লেখযোগ্য যে পেৰা-চাইক্লিষ্ট ৰাকেশ বণিকে ২০১২ চনৰ ১১জুনত এক দুৰ্ঘটনাত সোঁভৰিখন হেৰুৱাব লগীয়া হৈছিল।