NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ত প্ৰতিষ্ঠা হ’ব ৰাজ্যৰ প্ৰথমখন বন্যপ্ৰাণী স্বাস্থ্য-গৱেষণা প্ৰতিষ্ঠান : ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী May 30, 2025 3:17 pm
ডিব্ৰুগড়ত প্ৰতিষ্ঠা হ’ব ৰাজ্যৰ প্ৰথমখন বন্যপ্ৰাণী স্বাস্থ্য-গৱেষণা প্ৰতিষ্ঠান : ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ

ডিব্ৰুগড় জিলাত প্ৰতিষ্ঠা হ’ব অসমৰ প্ৰথমখন বন্যপ্ৰাণী স্বাস্থ্য-গৱেষণা প্ৰতিষ্ঠান। শুকুৰবাৰে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

১২০ বিঘা ভূমিত স্থাপন হ’বলগীয়া এই প্ৰতিষ্ঠানটোৰ বাবে ২৫০ টকা ধাৰ্য কৰা হৈছে।

হিমন্ত বিশ্ব শৰ্মাই কয় যে এই প্ৰতিষ্ঠানটোৱে অত্যাধুনিক চিকিৎসা, ফৰেনচিক আদিৰ জৰিয়তে বন্যপ্ৰাণীক সুৰক্ষিত কৰি ৰখাত সহায় কৰিব।

উল্লেখ্য যে ২০২১ চনত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱা জৈৱ বৈচিত্ৰ সংৰক্ষণৰ উদ্দেশ্যে এই স্বাস্থ্য-গৱেষণা প্ৰতিষ্ঠানটোৰ আধাৰশিলা স্থান কৰিছিল।

এই প্ৰতিষ্ঠানটোৱে বন্যপ্ৰাণী সংকট ব্যৱস্থাপনা আৰু স্থানান্তৰ, বন্যপ্ৰাণী তথ্যবিজ্ঞান, ৰাজহুৱা নীতি আৰু সহযোগিতাৰ ব্যৱস্থাও কৰিব বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।