NORTHEAST NOW (Assamese)
অসম

নিৰুদ্দিষ্ট হোৱাৰ ৩ দিনৰ পিছতো সন্ধান নাই ৰেৱতী ফুকনৰ, মুখ্য মন্ত্ৰীৰ তদন্তৰ নিৰ্দেশ

Posted by: এন ই নাও নিউজ April 25, 2018 11:40 pm
Reboti Phukan

পি চি জিৰ অন্যতম সদস্য তথা ৰাজ্যৰ প্ৰাক্তন সুদক্ষ ফুটবলাৰ ৰেৱতী ফুকন সন্ধানহীন হৈ থকা বিষয়টো অনুসন্ধান কৰি এই বিষয়ত তৎকালীন ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দিয়ে।

আলফা-চৰকাৰৰ শান্তি আলোচনাৰ অন্যতম মধ্যস্থতাকাৰী আৰু আলফা (স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ  বাল্যবন্ধু ফুকন যোৱা ২২ এপ্ৰিলত প্ৰাতঃভ্ৰমণলৈ ওলাই যোৱাৰে পৰা সন্ধানহীন হৈ থকাৰ খবৰে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে কালি পৰেশ বৰুৱাই ফুকনৰ নিৰুদ্দেশ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীক এই ক্ষেত্ৰত ব্যৱস্থা ল’বলৈ আহ্বান জনাইছিল।

আনহাতে মুখ্য মন্ত্ৰীয়ে আজি তদন্তৰ নিৰ্দেশ দিয়াৰ পিছতে আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সহায়ে এক  সংবাদমেলত ডি চি পি চেন্ট্রেলৰ নেতৃত্বত অসম আৰক্ষীয়ে ফুকনৰ অনুসন্ধান আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে ।

আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে জনোৱা মতে আৰক্ষীয়ে মহানগৰীৰ ৰে’ল ষ্টেচন,  বিমানবন্দৰকে ধৰি বিভিন্ন স্থানৰ পৰা তথ্য সংগ্ৰহ কৰিছে।