NORTHEAST NOW (Assamese)
অসম

হাইমাদ্রাছা শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৫৪.৭৩ শতাংশ; প্ৰথম তিনিটা স্থানত পাঁচগৰাকী শিক্ষাৰ্থী

Posted by: কল্পজোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজোতি শইকীয়া, গুৱাহাটী June 7, 2022 10:23 am
হাইমাদ্রাছা শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৫৪.৭৩ শতাংশ; প্ৰথম তিনিটা স্থানত পাঁচগৰাকী শিক্ষাৰ্থী

আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে অসম হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাৰ ফলাফলো ঘোষণা কৰা হৈছে।

এইবাৰ হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাৰ মুঠ শিক্ষাৰ্থীৰ সংখ্যা আছিল ১১,২৪৫ গৰাকী। ইয়াৰে ৫,৭,২১ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে। উত্তীৰ্ণৰ হাৰ- ৫৪.৭৩ শতাংশ।

লগতে পঢ়ক: HSLC exam result হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা: উত্তীৰ্ণৰ হাৰ ৫৬.৪৯ শতাংশ; চাওক প্ৰথম দহটা স্থানৰ সম্পূৰ্ণ তালিকা

হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান দখল কৰিছে-

মুফাছিৰ আল হাচান, আল কৌচেৰ মডেল একাডেমী, শোণিতপুৰ

সৰ্বমুঠ নম্বৰ- ৫৫৬

দ্বিতীয় স্থান দখল কৰিছে-

১। চাদিকা আহমেদ, ঢকুৱা হাইমাদ্ৰাছা, বৰপেটা

২। মোস্তাক আহমেদ, পীৰাধাৰা হাইমাদ্ৰাছা, বঙাইগাঁও

সৰ্বমুঠ নম্বৰ- ৫৫০

তৃতীয় স্থান দখল কৰিছে-

১। মিচ চেহনাজ পাৰবীন, দৌলতপুৰ মাদ্ৰাছা উঃ মাঃ বিদ্যালয়, লখিমপুৰ

২। ঈৰচাদুল্লাহ, বৰঘূলি হাইমাদ্ৰাছা, নগাঁও

সৰ্বমুঠ নম্বৰ- ৫৪৯