NORTHEAST NOW (Assamese)
অসম

দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষস্থান অধিকাৰ কৰা ছাত্ৰক চাৰিচকীয়া বাহন উপহাৰ দিলে ঝাৰখণ্ডৰ শিক্ষা মন্ত্ৰীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 23, 2020 4:44 pm

ঝাৰখণ্ড একাডেমীক কাউঞ্চিলে অনুষ্ঠিত কৰা দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষস্থানপ্ৰাপ্ত ছাত্ৰ দুগৰাকীক বুধবাৰে চাৰিচকীয়া বাহন উপহাৰ হিচাপে প্ৰদান কৰে ঝাৰখণ্ডৰ শিক্ষা মন্ত্ৰী জগৰনাথ মাহতোই।

ঝাৰখণ্ড একাডেমীক কাউঞ্চিলে দশম শ্ৰেণীৰ ফলাফল ঘোষণা কৰাৰ দিনাখন শিক্ষা মন্ত্ৰী গৰাকীয়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষস্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰী দুগৰাকীক চাৰিচকীয়া বাহন উপহাৰ হিচাপে দিব বুলি ঘোষণা কৰিছিল।

উক্ত ঘোষণাৰ অংশস্বৰূপে আজি শিক্ষা মন্ত্ৰী গৰাকীয়ে দুয়োটা পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰ দুগৰাকীক এখনকৈ এল্টো বাহন উপহাৰ হিচাপে আগবঢ়ায়।

ঝাৰখণ্ড একাডেমীক কাউঞ্চিলে অনুষ্ঠিত কৰা চলিত বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অমিত কুমাৰে ৯১.৪ শতাংশ নম্বৰেৰে প্ৰথম স্থান অধিকাৰ কৰাৰ বিপৰীতে দশম শ্ৰেণীৰ পৰীক্ষাত মনিষ কুমাৰ কাতিয়াৰে ৯৮ শতাংশ নম্বৰেৰে প্ৰথম স্থান অধিকাৰ কৰে।

আনহাতে, দুয়োগৰাকী ছাত্ৰই পৰীক্ষাত শীৰ্ষস্থান অধিকাৰ কৰাৰ পাছত চাৰিচকীয়া বাহন লাভ কৰি উৎফুল্লিত হৈ পৰিছে।