NORTHEAST NOW (Assamese)

৪ বছৰে পৰিত্যক্ত অৱস্থাত খগেন মহন্তৰ সমাধিক্ষেত্ৰ; চৰকাৰে নোৱাৰে যদি নিজেই নিৰ্মাণ কৰিব পৰিয়ালে

June 22, 2018 7:42 pm · কল্পজ্যোতি শইকীয়া

যোৱা ১২ জুনত গায়ক, সুৰকাৰ খগেন মহন্তৰ মৃত্যুৰ চাৰি বছৰ সম্পূৰ্ণ হ’ল। কিন্তু চৰকাৰে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আজিলৈকে নিৰ্মাণ আৰম্ভই নহ’ল শিল্পীগৰাকীৰ সমাধিক্ষেত্ৰৰ। এতিয়া পত্নী, গায়িকা অৰ্চনা মহন্তই চৰকাৰে অনুমতি দিলে পৰিয়ালৰ লোকে নিজেই এই সমাধিক্ষেত্ৰ নিৰ্মাণ কৰিব বুলি নৰ্থ ইষ্ট নাও-ৰ আগত দুখেৰে প্ৰকাশ কৰিছে।

চৰকাৰৰ প্ৰতি ‘নতুন আহ্বান একো নাই’ বুলি মন্তব্য কৰি অসুস্থ, বৰ্ষীয়ান গায়িকাগৰাকীয়ে কয় ‘চৰকাৰে যদি পৰিয়ালক সমাধিক্ষেত্ৰ নিৰ্মাণ কৰিবৰ বাবে অনুমতি দিয়ে, তেন্তে পৰিয়ালৰ লোক আগুৱাই আহিব।’

‘সেই একে অৱস্থাতে সমাধিটো দেখি দেখি ৰাইজৰ অশান্তি লাগিছে’ বুলি ক্ষোভ প্ৰকাশ কৰি মহন্তই কয় ‘আমিও নিৰুপায়। আমি আগবাঢ়িব নোৱাৰো। কাৰণ এইটো চৰকাৰৰ দায়িত্বত আছে।‘

খগেন মহন্তৰ স্মৃতিত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম চৰকাৰে এখন স্মৃতি উদ্যান নিৰ্মাণ কৰাৰ কথা আছিল। কিন্তু স্মৃতি উদ্যান নিৰ্মাণ দূৰৰে কথা, শিল্পীগৰাকীৰ পৰিত্যক্ত সমাধিথলীত আজিৰ তাৰিখত নাই নাম ফলক এখনো।

‘সমাধিক্ষেত্ৰখন বহুত লেতেৰা হৈ আছিল। কিন্তু তেওঁৰ মৃত্যু তিথিৰ দিনাখন ঠাইডোখৰ চাফ-চিকুণ কৰি এন জি অ’ এটাই বগা কাপোৰেৰে আধাৰশিলাটো ঘেৰি থৈ আহিছে যাতে কোনেও  দেখা নাপায়,‘ ক’লে অৰ্চনা মহন্তই।

তৰুণ গগৈৰ চৰকাৰে আধাৰশিলা পাতি সামৰা সমাধিক্ষেত্ৰক লৈ বৰ্তমানৰ ‘জাতি, মাটি, ভেটি’ ৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া সোণোৱাল চৰকাৰেও আজিলৈকে নল’লে কোনো পদক্ষেপ। ‘বৰ্তমান চৰকাৰে কি পদক্ষেপ হাতত লৈছে নাজানো,’ জনালে অৰ্চনা মহন্তই।

২০১৬ চনৰ ২৬ ফেব্ৰুৱাৰিত তেতিয়াৰ মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিস্মিতা গগৈয়ে অৰ্চনা মহন্তৰ উপস্থিতিত স্মৃতি উদ্যানখনৰ আধাৰশিলা স্থাপন কৰিছিল।

এতিয়া সোণোৱাল চৰকাৰক একো আহ্বান জনাব নুখুজিলেও, আজি জীৱনৰ বিয়লি বেলাত সমাধিক্ষেত্ৰখনত ‘এখন শান্তিপূৰ্ণ, নিৰিবিলি উদ্যান’ৰ সপোন লৈয়ে দিন কটাইছে বৰ্ষীয়ান শিল্পীগৰাকীয়ে।

অৰ্চনা মহন্তৰ আশা ‘চৰকাৰৰ হাততে যিহেতু কামটো আছে, গতিকে তেওঁলোকে নিৰ্মাণ কৰিব।‘

সোণোৱাল চৰকাৰে পূৰাবনে বৰ্ষীয়ান শিল্পীগৰাকীৰ এই আশা? খগেন মহন্তৰ সমাধি নিৰ্মাণৰ আশাটো কেৱল পৰিয়ালৰেনে?

উত্তৰ কি হ’ব ‘জাতি, মাটি, ভেটি’ ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ আহি পদে পদে উজুটি খোৱা সোণোৱাল চৰকাৰৰ?

Related News