NORTHEAST NOW (Assamese)
অসম

৪.৯ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল গুৱাহাটী মহানগৰীৰ লগতে উপকণ্ঠ অঞ্চল

Posted by: এন ই নাও নিউজ June 11, 2018 11:03 am
ভূমিকম্প

আজি সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীতো অনুভূত হ’ল মজলীয়া ভূমিকম্পৰ জোকাৰণি। ৰাতিপুৱা প্ৰায় ১০.২৪ বজাত অনুভূত হৈছিল এই ভূমিকম্পটো। প্ৰায় ২০ ছেকেণ্ডৰো অধিক সময় ধৰি গুৱাহাটী মহানগৰীৰ লগতে ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত অব্যাহত আছিল জোকাৰণি।

ৰিখতাৰ স্কেলত প্ৰায় ৪.৯ প্ৰাবল্যই জোকাৰি যোৱা ভূমিকেন্দ্ৰটোৰ অভিকেন্দ্ৰ নগাঁও জিলাৰ ধিং বুলি জানিব পৰা গৈছে।

ইফালে মহানগৰীৰ কেইবা ঠাইতো ভূমিকম্পৰ ত্ৰাসত এপাৰ্টমেণ্টত বাস কৰা লোকসকল বাহিৰলৈ ওলাই আহি নিৰাপদ স্থানত আশ্ৰয় লয়।

উল্লেখ্য যে বৰ্তমান সময়লৈকে গুৱাহাটী মহানগৰী তথা ৰাজ্যৰ অন্য প্ৰান্তৰ পৰা ভূমিকম্পকত কোনোধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা হোৱা নাই।