NORTHEAST NOW (Assamese)
অসম

৬জনকৈ কৃষি বিষয়াক ধনৰ বিনিময়ত চাকৰি লোৱাৰ সন্দেহত দিচপুৰ থানাত জেৰা

Posted by: এন ই নাও নিউজ July 27, 2018 11:00 pm
Assam-Public-Service-Commission-APSC-570x320

ধনৰ বিনিময়ত চাকৰি লোৱাৰ সন্দেহত আজি দিচপুৰ থানাত ৬জন কৃষি উন্নয়ন বিষয়াক জেৰা কৰা হয়। কেলেংকাৰিটোৰ তদন্ত কৰি থকা আৰক্ষীয়ে অসমৰ বিভিন্ন স্থানত কৰ্মৰত ৮জনক আজি দিচপুৰ থানালৈ তলৱ কৰিছিল যদিও ৬জনহে উপস্থিত থাকে। আজি আৰক্ষীৰ আগত হাজিৰ হোৱা ৬জন কৃষি উন্নয়ন বিষয়া হ’ল-

কোকৰাঝাৰৰ ধৃতিৰঞ্জন ৰয়, লখিমপুৰৰ জয়ন্তজিৎ দাস, ডিব্ৰুগড় অল্পনা দেউৰী, মাইবাঙৰ ছেইণ্টজনী ঝাহৰি, ডিফুৰ ৰুখেশ্বৰ তিমুং আৰু তিনচুকীয়াৰ জ্যোতিবন দত্ত।

জেৰাকাৰী আৰক্ষী বিষয়া সুজিৎ কুমাৰ শইকীয়াই জনোৱামতে আটাইকেইজনে তেওঁলোকৰ বিৰুদ্ধে থকা অভিযোগ অস্বীকাৰ কৰিছে।

উল্লেখযোগ্য যে বেদান্ত বিকাশ নামৰ এজন বঞ্চিত প্ৰাৰ্থীয়ে ভঙাগড় থানাত দিয়া অভিযোগৰ ভিত্তিত কৃষি বিভাগত হোৱা এই বৃহৎ কেলেংকাৰিৰ তদন্ত কৰিছিল আৰক্ষীয়ে। এই তদন্ত প্ৰক্ৰিয়াৰ অংশ হিচাপে এ পি এছ চিৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালৰ দিনত ২০১৩-১৪ চনৰ পৰীক্ষাত উত্তীৰ্ণ হৈ কৃষি বিষয়া হিচাপে নিযুক্ত মুঠ ২৭জন বিষয়াৰ পৰীক্ষাৰ বহী ফৰেনছিক পৰীক্ষা কৰা হৈছিল।

এই পৰীক্ষাৰ প্ৰতিবেদনত ১৮জন বিষয়াই জালিয়াতি কৰা বুলি সন্দেহ কৰা হৈছে। এই সন্দেহৰ আৱৰ্তত থকা বিষয়াকেইজনক তদন্তকাৰী আৰক্ষীয়ে পৰ্য্যাক্ৰমে জেৰা কৰি থকা হৈছে। যোৱা ১৪ জুলাইত ৮জন কৃষি উন্নয়ন বিষয়াক জেৰা কৰাৰ পিছত আজি পুনৰ ৮জনক জেৰাৰ বাবে হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল। অৱশ্যে ২জন অনুপস্থিত থাকে। অনুপস্থিত দুজন হ’ল মৌচুমী শইকীয়া আৰু বিদ্যুৎ কুমাৰ দাস।