NORTHEAST NOW (Assamese)
অৰুণাচল

’৬২ৰ ভাৰত-চীন যুদ্ধৰ চহিদলৈ শ্ৰদ্ধাঞ্জলি; টাৱাঙৰ যুদ্ধ স্মাৰকত অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল

Posted by: প্ৰণৱ কুমাৰ দাস March 17, 2018 8:44 pm
china-india War Memorial at tawang

টাৱাঙৰ যুদ্ধ স্মাৰকত ১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ চহিদসকলৰ প্ৰতি আজি শনিবাৰে শ্ৰদ্ধা নিবেদন কৰে অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল বি ডি মিশ্ৰই। ৰাজ্যপাল হিচাপে তেওঁৰ এই প্ৰথম তিনিদিনীয়া টাৱাং ভ্ৰমণৰ আজি আছিল অন্তিম দিন।

৪০ ফুট ওখ যুদ্ধ স্মাৰকটোত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি চীনা যুদ্ধত প্ৰাণ আহুতি দিয়া ভাৰতীয় সেনা বাহিনীসমূহৰ মহান বীৰসকলক চেলুট জনাইছো বুলি ৰাজ্যপালজনে মন্তব্য কৰে।

চহিদসকলৰ প্ৰতি সন্মান নিবেদি স্মাৰকথলীত থকা দৰ্শনাৰ্থীৰ মন্তব্য বহীত ৰাজ্যপালজনে ‘আমি আপোনাসৱৰ সাহসক অনুকৰণ কৰিম আৰু আমাৰ বীৰসকলৰ দৰেই আমাৰ দেশক ৰক্ষা কৰিম।’

ৰাজ্যপাল আৰু তেওঁৰ পত্নী নীলম মিশ্ৰক স্মাৰকটো দৰ্শনত সহযোগিতা কৰে ভাৰতীয় সেনাৰ ১৯০ মাউণ্টেইন ব্ৰিগে’ডৰ ব্ৰিগে’ডিয়াৰ এম পি সিঙে।

৬ষ্ঠ দালাই লামাৰ জন্মস্থান উৰ্গেলিং গম্পা, জাময়াং চ’কৰ্লিং বৌদ্ধ বিহাৰ আদিও তেওঁলোকে ভ্ৰমণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰে।