NORTHEAST NOW (Assamese)

৬৫ বছৰীয়া এজন বৃদ্ধৰ কামনাৰ বলি নাবালিকা

March 14, 2025 10:00 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 14, 2025 9:00 pm

চৌদিশে ফাকুৱা উছাহৰ মাজতে ৰাজ্যত সংঘটিত হৈছে এক জঘন্য ঘটনা। ৬৫ বছৰীয়া এজন বৃদ্ধৰ কামনাৰ বলি হৈছে এগৰাকী নাবালিকা। এই ঘটনাই লজ্জানত কৰিছে সমাজক। বোকাখাতৰ ৰজাবাৰীৰ খতিয়াখলিত এই ঘটনা সংঘটিত হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি নাবালিকাগৰাকী বৃদ্ধজনৰ ঘৰলৈ গাখীৰ আনিবলৈ গৈছিল। সেই সময়ত তেওঁৰ ঘৰত আন কোনো মানুহ নথকাৰ সুযোগকে লৈ বৃদ্ধজনে কু-কাৰ্যত লিপ্ত হয়। অভিযোগ অনুসৰি, খতিয়াখলিৰ বাসিন্দা উপেন বৰা নামৰ ব্যক্তিজনে গাখীৰ আনিবলৈ যোৱা নাবালিকাগৰাকীৰ ওপৰত নিৰ্যাতন চলায়।

ঘটনাৰ পিছত নাবালিকাগৰাকীয়ে পিতৃ-মাতৃক ঘটনাৰ কথা জনায়। তাৰ পিছত পৰিয়ালৰ লোকসকলে বোকাখাত আৰক্ষী থানাত উপেন বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত উপেন বৰাক গৃহত উপস্থিত হৈ আটক কৰে। বৰ্তমান তেওঁক সোধ-পোছ কৰি থকা হৈছে।

এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযুক্তৰ বিৰুদ্ধে পৰিয়াল আৰু ৰাইজে উচিত শাস্তিৰ দাবী কৰিছে। কিন্তু এখন সভ্য সমাজৰ মাজত দিন-দুপৰতে সংঘটিত এই ঘটনাই আমাৰ সমাজৰ বৰ্তমান অৱস্থাৰ এক গভীৰ প্ৰতিফলন দাঙি ধৰিছে।

Related News