NORTHEAST NOW (Assamese)

৯ ফেব্ৰুৱাৰিত শিৱ মন্দিৰত মোক আক্ৰমণ কৰা ঘটনাত মন্ত্ৰী অতুল বৰা জড়িত : জিতেন গগৈ

February 17, 2018 8:30 pm · উত্তম শইকীয়া

‘বোকাখাতৰ নুমলীগড়ৰ শিৱ মন্দিৰত যোৱা ৯ ফেব্ৰুৱাৰিত মোক কৰা আক্ৰমণত স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাৰ প্ৰত্যক্ষ হাত আছে।’ এই অভিযোগ বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ ৷

আজি জিতেন গগৈৰ নেতৃত্বাধীন বোকাখাত নিৰ্মান গোটৰ অষ্টাদশ প্ৰতিষ্ঠা দিৱসৰ বিশেষ অনুষ্ঠানত সংবাদ মাধ্যমক এইদৰে জনায় বিতৰ্কিত নেতাগৰাকীয়ে ৷

জিতেন গগৈৰ মতে নুমলীগড় শিৱ মন্দিৰত ৯ ফেব্ৰুৱাৰিৰ দিনা শিৱৰাত্ৰিৰ বাবে মন্দিৰ প্ৰাঙ্গনত কাম কৰি থকা সময়ত একাংশ দুস্কৃতিকাৰীয়ে পৰিকল্পিত ভাৱে তেওঁৰ লগতে তেওঁৰ মিস্ত্ৰী আৰু ড্ৰাইভাৰকো আক্ৰমণ কৰি প্ৰাণে মৰাৰ চেষ্টা চলায় ৷

আজি নিৰ্মান গোটৰ কেন্দ্ৰীয় কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত সম্প্ৰতি নুমলীগড় শিৱ মন্দিৰত বিৰাজ কৰা অচলাৱস্থা নিৰ্মূলৰ বাবে পাচজনীয়া এক সঁজাতিৰ দলে কাইলৈ কাজিৰঙালৈ আহিব লগা মুখ্যমন্ত্ৰীক লগ ধৰি বিষয়টো অৱগত কৰাৰ বাবে সিধান্ত গ্ৰহন কৰে ৷

অনুষ্ঠানত প্ৰাক্তন কংগ্ৰেছী বিধায়ক অৰুণ ফুকন, সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দেৰগাওঁ অধিবেশনৰ আদৰণি সমিতিৰ সভাপতি পবিত্ৰ প্ৰাণ বৰা, বোকাখাত জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাৰতি ডাঃ পুলিন বৰকটকী, বিজেপিৰ যুৱ মৰ্চাৰ কেন্দ্ৰীয় কাৰ্যকৰী সদস্য আকাশ ফুকন আৰু চাহ মজদুৰ সংঘৰ বোকাখাত শাখাৰ সম্পাদক তপন কৰ্মকাৰ উপস্থিত থাকে ৷

আনহাতে আজিৰ অনুষ্ঠানটোত নিৰ্মান গোট নামৰ বেচৰকাৰী সংগঠনটোৰ মুখপত্ৰ শংখ ধ্বনি উন্মোচন কৰে পবিত্ৰ প্ৰাণ বৰাই ৷

Related News