NORTHEAST NOW (Assamese)
অসম

প্ৰাক্তন মন্ত্ৰী ৰকিবুলৰ ঘনিষ্ঠ ব্যৱসায়ী চৈয়দ আহমেদক ভিজিলেন্সৰ জেৰা

Posted by: এন ই নাও নিউজ May 3, 2018 8:48 am
Rocky-6

প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বেনামী তথা আয়ৰ সামঞ্জস্যহীন সম্পত্তি সংক্ৰান্তীয় অভিযোগৰ তদন্ত চলাই থকা দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ শাখাই বুধবাৰে হুছেইনৰ ঘনিষ্ঠ ব্যৱসায়ী ছৈয়দ আহমেদক জেৰা কৰে।

নগাঁৱৰ ব্যৱসায়ীজনক গুৱাহাটীলৈ চমন দি মতাই আনি তদন্তকাৰী বিষয়াই বুধবাৰে প্ৰায় ছয় ঘণ্টা সময় জেৰা কৰে। জানিব পৰা মতে তেওঁক ২৬ এপ্ৰিলতে আহিবলৈ কোৱা হৈছিল যদিও ব্যক্তিগত অসুবিধাৰ বাবে তেওঁ হাজিৰ হোৱা নাছিল।

দুৰ্নীতি নিবাৰণ সঞ্চালকালয়ে নিয়মীয়া অনুসন্ধানৰ অংশ হিচাপে হুছেইনৰ আৰু ছয় জন ঘনিষ্ঠ আৰু পৰিচিত ব্যৱসায়ীকো জেৰাৰ বাবে চমন জাৰি কৰিছে বুলি জানিব পৰা গৈছে।

উল্লেখোগ্য যে প্ৰদেশ কংগ্ৰেছৰ নিলম্বিত নেতা অনিল ৰাজাই ৰাজহুৱা পত্ৰযোগে উত্থাপন কৰা হুছেইনৰ বেনামী সম্পত্তিৰ অভিযোগৰ পিছত দুৰ্নীতি নিবাৰক শাখাই বিষয়টো অনুসন্ধানৰ বাবে যোৱা ১৭ মাৰ্চত গৃহ বিভাগৰপৰা অনুমতি লাভ কৰিছিল।

দুৰ্নীতি নিবাৰক শাখাই ৫(৩)১৮ নম্বৰত এটা অভিযোগ পঞ্জীয়ন কৰি হুছেইনৰ বিৰুদ্ধে অনুসন্ধান আৰম্ভ কৰে। যোৱা ১৯ এপ্ৰিলত নগাঁৱত প্ৰাক্তন মন্ত্ৰীজনৰ বেনামী সম্পত্তি বুলি সন্দেহ কৰা একাধিক স্থানত আৰু হুছেইনৰ কেইবাজনো ঘনিষ্ঠৰ ব্যৱসায়িক প্ৰতিষ্ঠানত তদন্তকাৰী সংস্থাৰ এটা দলে অভিযান চলাইছিল।