NORTHEAST NOW (Assamese)

ৰকিবুল হুছেইনৰ বিৰুদ্ধে অভিযোগ : অনিল ৰাজাক কাৰণ দৰ্শোৱাৰ জাননী অসম প্ৰদেশ কংগ্ৰেছৰ

February 17, 2018 9:54 pm · এন ই নাও নিউজ

ৰকিবুল হুছেইনৰ পৰ্বতসম সম্পত্তিৰ তালিকা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰি শেহতীয়াকৈ চৰ্চালৈ অহা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অনিল ৰাজাক আজি অসম প্ৰদেশ কংগ্ৰেছে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিচিত্ৰ চৌধুৰী স্বাক্ষৰিত এই জাননীত নেতাজনক তেওঁৰ আচৰণৰ কাৰণ প্ৰদৰ্শন কৰিবলৈ কোৱাৰ লগতে কোৱা হৈছে, ‘ছপা আৰু ইলেক্ট্ৰনিক মাধ্যমত কালি আৰু আজি বহুলভাৱে প্ৰচাৰিত আপোনাৰ প্ৰেছ বিজ্ঞপ্তিখনে দলৰ ভাল ভাবমূৰ্তি নষ্ট কৰিছে। কংগ্ৰেছ দলৰ নিয়ম আৰু কাৰ্য পদ্ধতি অনুসৰি কোনো কংগ্ৰেছী লোকেই দলৰ নেতা বা দলৰ নীতিৰ বিৰুদ্ধে ৰাজহুৱাকৈ মত দিব নোৱাৰে। আপোনাৰ উপৰোক্ত কাৰ্য্যই দলীয় অনুশাসন ভংগ কৰিছে।’

উল্লেখযোগ্য যে অনিল ৰাজাই কালি আৰু আজিও প্ৰাক্তন মন্ত্ৰী তথা দলটোৰ এজন প্ৰভাৱশালী নেতা ৰকিবুল হুছেইনৰ বিৰুদ্ধে মন্ত্ৰী হৈ থাকোতে ব্যাপক দুৰ্নীতি কৰি বিশাল সম্পত্তি আহৰণ কৰা বুলি অভিযোগ অনাই নহয়, তেওঁ হুছেইনৰ সম্পত্তিৰ তালিকা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছিল। অনিল ৰাজাই ৰকিবুলৰ নিজৰ আৰু পৰিয়ালৰ আন সদস্যৰ নামত ৰাজ্যৰ বিভিন্ন ঠাইত আৰু ৰাজ্যৰ বাহিৰতো থকা মাটি, ফ্লেট, ব্যৱসায়িক প্ৰতিষ্ঠান আদিৰ তালিকা প্ৰদান কৰিছিল। কালি আৰু আজি দিনটোৰ ভিতৰতে ঘটা এই গুৰুত্বপূৰ্ণ ঘটনাক্ৰম ইলেকট্ৰনিক সংবাদ মাধ্যম তথা ছ’চিয়েল মিডিয়াৰো গৰম খবৰত পৰিণত হয়। আনহাতে বহুতে এই ঘটনাক কংগ্ৰেছত চলি থকা অন্তঃকলহৰ বহিঃপ্ৰকাশ বুলিও ক’ব খোজে।

কেৱল সেয়ে নহয়, ৰকিবুল হুছেইনৰ লগতে হিমন্তও কংগ্ৰেছৰ আমোলাত ব্যাপক দুৰ্নীতিত জড়িত আছিল বুলি ৰাজাই মন্তব্য কৰে। লগতে তেওঁ কয় যে ৰকিবুলে এতিয়াও হিমন্তৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি চলে বুলি দাবী কৰে। কেৱল এই কাৰণতেই গৌতম ৰয় আৰু অকণ বৰাৰ বিৰুদ্ধে তদন্ত হৈছে যদিও ৰকিবুলৰ বিৰুদ্ধে তদন্ত হোৱা নাই। অনিল ৰাজাই আজি এই নতুন অভিযোগটো আনে।

আনহাতে আজিৰ অভিযোগ সন্দৰ্ভত শিক্ষা, বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সোধাত তেওঁ কয় যে তেওঁৰ বিৰুদ্ধে অভিযোগ আনিয়ে থকা হয়, গতিকে এইবোৰ চলি থাকিব।

আনহাতে আজি প্ৰাক্তন মন্ত্ৰী ৰকিবুলে সংবাদমেল আয়োজন কৰি তেওঁৰ বিৰুদ্ধে অনা অভিযোগ ভিত্তিহীন বুলি দাবী কৰে। লগতে তেওঁ অনিল ৰাজাৰ বিৰুদ্ধে মিছা অভিযোগেৰে মান হানি কৰা বাবে আইনী ব্যৱস্থা ল’ব বুলিও স্পষ্ট কৰি দিয়ে।

প্ৰাক্তন মন্ত্ৰীজনে কয় যে বিজেপিয়ে তেওঁৰ ভাবমূৰ্তি বিনষ্ট কৰিবলৈ অনিল ৰাজাক কামত লগাইছে। ৰাজাৰ জৰিয়তে বিজেপিয়ে কংগ্ৰেছৰ ওপৰত হেঁচা দিয়াৰ চেষ্টা কৰিছে বুলিও মন্তব্য দিয়ে। তেওঁ কয় যে যোৱা নিৰ্বাচনৰ সময়ত আয়কৰ বিভাগে তেওঁৰ ঘৰত তালাচী চলাইছিল যদিও একো পোৱা নাছিল।

Related News