NORTHEAST NOW (Assamese)

ৰঙানদী জলবিদ্যুৎ প্ৰকল্পত গ্ৰহণ কৰা হোৱা নাই প্ৰাথমিক সুৰক্ষামূলক ব্যৱস্থা: বিশেষজ্ঞ

February 12, 2018 4:30 pm · এন ই নাও নিউজ

অৰুণাচলৰ নামনি সোৱণশিৰি জিলাৰ য়াজুলিত নিৰ্মীয়মাণ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পত গ্ৰহণ কৰা হোৱা নাই প্ৰাথমিক সুৰক্ষামূলক ব্যৱস্থা। – এই মন্তব্য গুৱাহাটী আই আই টিৰ অধ্যাপক অৰূপ কুমাৰ শৰ্মাৰ। উল্লেখযোগ্য যে অসম চৰকাৰৰ প্ৰতিনিধি হিচাপে যোৱা শনিবাৰে নীপকোৰ ৰঙানদী প্ৰকল্প পৰিদৰ্শন কৰে শৰ্মাই। তেওঁ প্ৰকাশ কৰা অনুসৰি উক্ত জলবিদুৎ প্ৰকল্পটো নিৰ্মাণ কৰোতে ল’ব লগীয়া সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। যাৰ ফলত নামনিত বাস কৰা লোকসকল ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা আছে।

আনহাতে প্ৰকল্পটোৰ পৰা সময়ে সময়ে পানী এৰি দিয়াৰ বাবে নীপকোৱে লক্ষীমপুৰ জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰা উচিত বুলিও প্ৰকাশ কৰে অধ্যাপক শৰ্মাই।

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি নামনিৰ ৰাইজৰ সুৰক্ষাৰ বাবে প্ৰতিবাদ কৰি অহা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলে শৰ্মাক প্ৰকল্পটো পৰিদৰ্শনৰ সময়ত সংগ দিয়ে।

অসম চৰকাৰে শৰ্মাক ৰঙানদী প্ৰকল্পটো বিস্তৃত অধ্যয়ন কৰি পানী নিৰ্গমণৰ এক প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে।

মন কৰিব লগীয়া যে ৰঙানদী প্ৰকল্পৰ পৰা নীপকোৱে পানী এৰি দিয়াৰ ফলত প্ৰতি বছৰে উজনি অসমত বানে তাণ্ডৱ চলাই আহিছে। নীপকোৰ তৰফৰ পৰা উক্ত ঘটনাক অস্বীকাৰ কৰি অহা হৈছে যদিও গুৱাহাটী আই আই টিৰ অধ্যাপক শৰ্মাৰ তথ্যই এইক্ষেত্ৰত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।

Related News