NORTHEAST NOW (Assamese)
অসম

ৰঙিয়াত বন বিভাগৰ বিট অফিচাৰক নিলম্বন

Posted by: এন ই নাও নিউজ January 8, 2018 4:50 pm
pramilarani brahma

ৰাজ্যৰ বন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই বন বিষয়াৰ সহযোগত পুঠিমাৰি নৈত অবৈধ বালি খনন চলি অহা পুঠিমাৰি অঞ্চল আকস্মিকভাৱে পৰিদৰ্শন কৰাৰ এদিন পিছতে ৰাজ্যৰ বনবিভাগে ৰঙিয়াৰ বিট অফিচাৰ ফটিক বৰ্মনক কৰ্তব্যত অৱহেলাৰ অভিযোগত আজি চাকৰিৰ পৰা নিলম্বন কৰিছে।

উল্লেখযোগ্য যে দেওবাৰে আকস্মিকভাৱে পুঠিমাৰি অঞ্চল পৰিদৰ্শন কৰি বন মন্ত্ৰী ব্ৰহ্মই পুঠিমাৰি নৈত চলি  থকা অবৈধ বালি খনন ধৰা পেলাইছিল।

অভিযোগ অনুসৰি কোনো ধৰণৰ বৈধ কাগজ-পত্ৰ নোহোৱাকৈয়ে অসংখ্য ট্ৰাকে নদীখনৰ পৰা বালি সৰবৰাহ কৰি আহিছিল। বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে সদ্য অপসাৰিত বিট অফিচাৰ বৰ্মনে মুঠ ১০ খন ট্ৰাকক কাগজ-পত্ৰ নোহোৱাকৈয়ে বালি সৰবৰাহৰ অনুমতি দিছিল।