NORTHEAST NOW (Assamese)

ৰঙিয়া ৰে’ল ষ্টেশ্যনত ৯খনকৈ সোণৰ বিস্কুট উদ্ধাৰ

March 10, 2018 12:52 pm · এন ই নাও নিউজ

অসমৰ মাজেদি প্ৰতিদিনে লাখ লাখ টকাৰ চোৰাং সোণ বহিঃৰাজ্যলৈ সৰবৰাহ হৈ থকাৰ বাতৰি প্ৰায়েই পোৱা যায়। বিগত কেইমাহত গুৱাহাটী ৰে’ল ষ্টেশ্যনৰ পৰা বহু লক্ষ টকাৰ সোণ ৰে’ল আৰক্ষীৰ সহযোগত ৰাজহ চোৰাংচোৱা বিভাগে জব্দ কৰিবলৈ সক্ষম হৈছিল।

জানিব পৰা মতে শুকুৰবাৰে সন্ধিয়া ৰঙিয়া ৰে’ল ষ্টেশ্যনত নাটকীয়ভাৱে উদ্ধাৰ কৰা হয় এক কিলোগ্ৰামতকৈ অধিক পৰিমানৰ সোণ।

ৰঙিয়া ৰে’ল ষ্টেশ্যনৰ এক নম্বৰ প্লেটফৰ্মত নিয়মীয়া তালাচীৰ সময়ত এটা পৰিত্যক্ত স্কুল বেগ প্ৰত্যক্ষ কৰি কৰ্তব্যৰত দুই গৃহৰক্ষী জোৱানৰ সন্দেহ হয়।

প্ৰথমতে বোমা থকাৰ সন্দেহ কৰি কিছু শংকিত হয় যদিও পিছত দুয়োজনে বেগখন পৰীক্ষা কৰি চায়।

বেগখনৰ ভিতৰত থকা পুৰণি জিনছৰ পেণ্টৰ ভাজত কাগজৰে মেৰুওৱা অৱস্থাত ৯ খন সোণৰ বিস্কুট উদ্ধাৰ কৰে। ইয়াৰ পিছত  ৰে’ল আৰক্ষী উপস্থিত হৈ সোণখিনি লৈ যায়। সোণখিনিৰ ওজন এক কিলোগ্ৰামতকৈ অধিক আৰু ইয়াৰ মূল্য প্ৰায় ৩০ লক্ষাধিক হ’ব বুলি এক সূত্ৰই প্ৰকাশ কৰিছে।

গৃহৰক্ষী বাহিনীৰ জোৱান কনক ডেকা আৰু ফিজুনৰ আলীৰ তৎপৰতা আৰু সততাৰ বাবে বিস্কুটকেইখন উদ্ধাৰ হ’ল বুলি সকলোৱে তেওঁলোকৰ প্ৰশংসা কৰে।

Related News